August 19, 2026 6:59 PM

views 17

জম্মু-কাশ্মীৰৰ ৰিয়াচী জিলাত কালি সংঘটিত এটা দুৰ্ঘটনাত একে পৰিয়ালৰে ৩জন লোক নিহত হোৱাৰ লগতে আন ২জন আহত

জম্মু-কাশ্মীৰৰ ৰিয়াচী জিলাত কালি সংঘটিত এটা দুৰ্ঘটনাত একেতা পৰিয়ালৰে তিনিজন লোক নিহত হোৱাৰ লগতে আন দুজন আহত হয়। উল্লেখযোগ্য যে এখন বাহনে পাহাৰীয়া পথেৰে যাত্ৰাৰ কৰাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই কাষৰ দ' খাৱৈত পৰাৰ ফলত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। আহত দুগৰাকীক ততালিকে হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আনহাতে কালি নিশা সংঘটিত আন এটা দুৰ্ঘটনাত ৬জন লোক গুৰুতৰভাবে আহত হয়। ঘটনাৰ তথ্যমতে জম্মু-কাশ্মীৰ ৰাজৌৰী জিলাৰ খাৱাছ অঞ্চলৰ এখন গাঁৱৰ মাজেৰে আহি থকা যাত্রীবাহী এখন বাহন কাষৰ পথাৰত পৰি যোৱাৰ ফলত এই দুর্ঘট...

December 10, 2025 12:05 PM

views 60

জম্মু আৰু কাশ্মীৰত ১৭ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে পৰম্পৰাগত মল্লযুদ্ধ প্ৰতিযোগিতা

জম্মু আৰু কাশ্মীৰত ১৭ ডিচেম্বৰত জম্মুৰ মৌলানা আজাদ ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে পৰম্পৰাগত মল্লযুদ্ধ প্ৰতিযোগিতা আন্তঃৰাষ্ট্ৰীয় দংগল আৰু ৰুষ্টম-ই-জম্মু কাশ্মীৰ খিতাপ ২০২৫ৰ আয়োজন কৰা হৈছে। আমাৰ সংবাদাতাই জনাইছে যে, ভাৰত, ইৰাণ আৰু কেইবাখনো দেশৰ পেছাদাৰী মল্লযুঁজাৰুসকলক একত্ৰিত কৰা এই চেম্পিয়নশ্বিপত কেন্দ্ৰীয় শাসিত অঞ্চলটোত এতিয়ালৈকে আয়োজিত হোৱা অন্যতম বৃহৎ মল্লযুঁজ প্রতিযোগিতা হিচাপে পৰিগণিত হ'ব।

September 25, 2025 10:11 PM

views 63

জম্মু-কাশ্মীৰৰ জন্মৰ আৰ এছ পুৰা সীমান্তত পাকিস্তানী সন্ত্রাসবাদীক আটক

জম্মু-কাশ্মীৰৰ জন্মৰ আৰ এছ পুৰা সীমান্তত আজি এজন পাকিস্তানী সন্ত্রাসবাদীক আটক কৰা হৈছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে তহলদাৰী সীমান্ত সৰক্ষা বাহিনীৰ জোৱানে পাকিস্তানৰ দিশৰ পৰা অহা এগৰাকী ব্যক্তিক ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰাৰ পাছতে কৰায়ত্ব কৰে। এয়া হৈছে চলিত মাহত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে দ্বিতীয়গৰাকী পাকিস্তানী লোকক আটক কৰাৰ ঘটনা। যোৱা ৮ ছেপ্তেম্বৰত আৰ এছ পুৰা অঞ্চলৰ অক্টৰৈৰ পৰা আন এজন পাকিস্তানী নাগৰিকক আটক কৰিছে।

September 4, 2025 11:58 AM

views 59

জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাৰ চালাল বান্ধৰ আটাইকেইখন গেট খুলি দিয়া হৈছে

■ জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাৰ চালাল বান্ধৰ ওপৰৰ অংশত বিগত কেইবাদিনো ধৰি হৈ থকা প্ৰৱল বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি কৰ্তৃপক্ষই বান্ধটোৰ আটাইকেইখন গেট খুলি দিছে। আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা মতে বান্ধটোৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত সতর্কতামূলক ব্যৱস্থা হিচাপে তথা ইয়াৰ ওপৰেৰে বৈ যোৱা পৰ্যাপ্ত পৰিমাণৰ পানী নিয়ন্ত্ৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। বান্ধটোৰ পৰা পানী এৰি দিয়াৰ ফলত চেনাব আৰু ইয়াৰ উপনদীসমূহৰ পানী বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ ফলত নদীৰ নামনি অংশৰ লগতে ইয়াৰ পাৰত থকা গাঁওসমূহ ...

September 1, 2025 3:04 PM

views 98

প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি জম্মুৰ সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয় বন্ধ ঘোষণা

● জম্মু-কাশ্মীৰত শেহতীয়া প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে জম্মুৰ সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয় বন্ধ ঘোষণা কৰিছে। জম্মুৰ বিদ্যালয় শিক্ষা সঞ্চালকালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি প্ৰতিকুল বতৰ আৰু ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশ জাৰি কৰা হৈছে। প্ৰশাসনে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু বতৰ উন্নত হ’লেই বিদ্যালয়সমূহ পুনৰ খোলাৰ কথা বিবেচনা কৰা হ'ব। তদুপৰি জম্মু আৰু কাশ্মীৰ বিদ্যালয় শিক্ষা ব’র্ডে দশম আৰু একাদশ শ্ৰেণীৰ ...

August 28, 2025 9:25 PM

views 69

জম্মু কাশ্মীৰৰ অধকুৱাৰীৰ যাত্ৰাপথত সংঘটিত ভয়াৱহ ভূমিস্খলনত কেবাজনো লোকৰ প্রাণ হানি হোৱাৰ লগতে বহু লোক আহত

জম্মু কাশ্মীৰৰ অধকুৱাৰীৰ যাত্ৰাপথত সংঘটিত ভয়াৱহ ভূমিস্খলনত কেবাজনো লোকৰ প্রাণ হানি হোৱাৰ লগতে বহু লোক আহত হোৱাৰ পাছত আজি একেৰাহে তৃতীয় দিনৰ বাবে ৰিয়াছি জিলাৰ ত্ৰিকুটা পাহাৰৰ ওপৰত শ্ৰী মাতা বৈষ্ণো দেৱী যাত্রা স্থগিত ৰখা হৈছে। আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা মতে চলিত সপ্তাহৰ আৰম্ভণিতে সংঘটিত এই ভয়াৱহ দুর্ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। প্রশাসনে তীর্থযাত্ৰীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাক অগ্ৰাধিকাৰ দিছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে। শ্রীমাতা বৈষ্ণোদেৱী ব'র্ডে ভক্তসকলক তীর্থযাত্ৰাৰ বাবে পৰৱ...

August 16, 2025 8:34 PM

views 68

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানপানীত ক্ষতিগ্ৰস্ত কিস্তৱাৰৰ ছশ্বতী গাঁও পৰিদৰ্শন

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই আজি ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানপানীত ক্ষতিগ্ৰস্ত কিস্তৱাৰৰ ছশ্বতী গাঁও পৰিদৰ্শন কৰে। আকাশবাণী জন্মৰ সংবাদদাতাই জনোৱা মতে মুখ্যমন্ত্ৰীয়ে অঞ্চলটোৰ সাহায্য আৰু উদ্ধাৰ অভিযানৰ বুজ লয়। মুখ্যমন্ত্রী শ্ৰী আব্দুল্লাই ক্ষতিগ্রস্ত লোকসকলক মুখ্যমন্ত্ৰীৰ সঁহাৰি পুঁজিৰ পৰা এককালিন সাহায্য দিয়াৰ কথা ঘোষণা কৰে। তেওঁ কয়, যে মৃত লোকসকলৰ পৰিয়াললৈ দুই লাখকৈ টকা, গুৰুতৰভাৱে আহতসকলৰ পৰিয়াললৈ এক লাখকৈ টকা আৰু আহতসকলৰ পৰিয়াললৈ ৫০ হাজাৰকৈ টকা আগবঢ়োৱা হ'ব। ইপিনে ...

August 16, 2025 6:15 PM

views 51

জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ ডাৱৰ বিস্ফোৰণ প্ৰভাৱিত এলেকাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান পূর্ণ গতিত অব্যাহত

জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ ডাৱৰ বিস্ফোৰণ প্ৰভাৱিত এলেকাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান পূর্ণ গতিত চলি আছে। সেনবাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু স্থানীয় প্রশাসনে উদ্ধাৰ অভিযানত সহায় কৰিছে। জম্মু আৰু উধমপুৰত প্ৰয়োজন সাপেক্ষে উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰিব পৰাকৈ এম আই চেভেণ্টিন শ্ৰেণীৰ দুখন হেলিকপ্তাৰ আৰু এখন লঘু হেলিকপ্তাৰ সাজু কৰি ৰখা হৈছে। কিস্তৱাৰ জিলাৰ পাড্ডাৰ অঞ্চলত ডাৱৰ বিস্ফোৰণৰ বাবে হোৱা আকষ্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬০ লৈ বৃদ্ধি পাইছে। আ...

August 5, 2025 3:11 PM

views 54

পেহেলগামৰ সৈতে জড়িত আক্ৰমণকাৰীৰ পৰিচয় পটভূমি সন্দৰ্ভত কোনোধৰণৰ প্রতিবেদন প্রকাশ কৰা নাই

■ পেহেলগাম আক্ৰমণৰ সৈতে জড়িত আক্ৰমণকাৰীৰ পৰিচয় পটভূমি সন্দৰ্ভত কোনোধৰণৰ প্রতিবেদন প্রকাশ কৰা নাই বুলি প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জানিবলৈ দিছে। এই সম্পর্কে মন্ত্ৰ্যালয়ে বিবৃতি প্রকাশ কৰা বুলি সামাজিক মাধ্যমত চলি থকা চৰ্চা নুই কৰা হৈছে। মন্ত্ৰ্যালয়ে কয়, যে সশস্ত্র বাহিনীৰ সৈতে জড়িত কোনো ধৰণৰ বিবৃতি প্রকাশ কৰা হোৱা নাই। মন্ত্ৰ্যালয়ে লগতে কয়, যে পেহেলগাম আক্ৰমণৰ সৈতে জড়িত সন্ত্রাসবাদী সন্দৰ্ভত সশস্ত্র বাহিনীৰ জনসংযোগ কার্যালয় নাইবা কোনো মনোনীত মুখপাত্রই একো মন্তব্য কৰা নাই। আক্ৰমণৰ ঘটনাৰ পাছ...

August 3, 2025 3:38 PM

views 90

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত খনন কাৰ্যৰ সময়ত শিৱলিংগৰ লগতে বহু হিন্দু দেৱ-দেৱীৰ মূৰ্তি খোদিত ফলক উদ্ধাৰ

● জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত খনন কাৰ্যৰ সময়ত শিৱলিংগৰ লগতে বহু হিন্দু দেৱ-দেৱীৰ মূৰ্তি খোদিত ফলক উদ্ধাৰ কৰা হৈছে। চৰকাৰী সূত্ৰই জনোৱা মতে দক্ষিণ কাশ্মীৰ জিলাৰ আশিমোকামৰ চালিয়া অঞ্চলৰ কাৰুকুটনাগত এই মূর্তিসমূহ উদ্ধাৰ কৰা হৈছে। জম্মু-কাশ্মীৰৰ পুৰাতত্ব আৰু সংগ্ৰহালয় বিভাগৰ বিষয়াসকলে অঞ্চলটো পৰিদৰ্শন কৰিছে। তেওঁলোকে এই মূর্তিসমূহৰ সময় আৰু উৎপত্তিৰ পৰীক্ষা কৰিবলৈ এই ফলকসমূহ শ্ৰীনগৰলৈ পঠিয়াব। কাৰকুটা বংশৰ সৈতে জড়িত কাশ্মিৰী পণ্ডিতসকলৰ সৈতে এই ফলক উদ্ধাৰ হোৱা ঠাইসমূহৰ স্মৃতি জড়িত হৈ আছে।