■ পেহেলগাম আক্ৰমণৰ সৈতে জড়িত আক্ৰমণকাৰীৰ পৰিচয় পটভূমি সন্দৰ্ভত কোনোধৰণৰ প্রতিবেদন প্রকাশ কৰা নাই বুলি প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জানিবলৈ দিছে। এই সম্পর্কে মন্ত্ৰ্যালয়ে বিবৃতি প্রকাশ কৰা বুলি সামাজিক মাধ্যমত চলি থকা চৰ্চা নুই কৰা হৈছে। মন্ত্ৰ্যালয়ে কয়, যে সশস্ত্র বাহিনীৰ সৈতে জড়িত কোনো ধৰণৰ বিবৃতি প্রকাশ কৰা হোৱা নাই। মন্ত্ৰ্যালয়ে লগতে কয়, যে পেহেলগাম আক্ৰমণৰ সৈতে জড়িত সন্ত্রাসবাদী সন্দৰ্ভত সশস্ত্র বাহিনীৰ জনসংযোগ কার্যালয় নাইবা কোনো মনোনীত মুখপাত্রই একো মন্তব্য কৰা নাই। আক্ৰমণৰ ঘটনাৰ পাছত মুকলি উৎসৰ পৰা সংগ্ৰহ কৰা বিভিন্ন তথ্যৰ সংকলনৰ পৰাহে প্ৰশ্ন উত্থাপিত বিবৃতিটো প্ৰচাৰ কৰি থকা যেন লগা হৈছে বুলি মন্ত্ৰালয়ে প্রকাশ কৰিছে।
Assamese | August 5, 2025 3:11 PM | Akashvani Guwahati | Akashvani News | Jammu and Kashmir | pahalgam
পেহেলগামৰ সৈতে জড়িত আক্ৰমণকাৰীৰ পৰিচয় পটভূমি সন্দৰ্ভত কোনোধৰণৰ প্রতিবেদন প্রকাশ কৰা নাই