জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাৰ চালাল বান্ধৰ আটাইকেইখন গেট খুলি দিয়া হৈছে

■ জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাৰ চালাল বান্ধৰ ওপৰৰ অংশত বিগত কেইবাদিনো ধৰি হৈ থকা প্ৰৱল বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি কৰ্তৃপক্ষই বান্ধটোৰ আটাইকেইখন গেট খুলি দিছে। আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা মতে বান্ধটোৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত সতর্কতামূলক ব্যৱস্থা হিচাপে তথা ইয়াৰ ওপৰেৰে বৈ যোৱা পৰ্যাপ্ত পৰিমাণৰ পানী নিয়ন্ত্ৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। বান্ধটোৰ পৰা পানী এৰি দিয়াৰ ফলত চেনাব আৰু ইয়াৰ উপনদীসমূহৰ পানী বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ ফলত নদীৰ নামনি অংশৰ লগতে ইয়াৰ পাৰত থকা গাঁওসমূহ ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে। এনে সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্ধাৰ আৰু সাহায্য বাহিনী সাজু কৰি ৰখাৰ লগতে কৰ্তৃপক্ষই যিকোনো ধৰণৰ দুৰ্ঘটনা প্রতিহত কৰাৰ বাবে পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আছে।