● জম্মু-কাশ্মীৰত শেহতীয়া প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে জম্মুৰ সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয় বন্ধ ঘোষণা কৰিছে। জম্মুৰ বিদ্যালয় শিক্ষা সঞ্চালকালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি প্ৰতিকুল বতৰ আৰু ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশ জাৰি কৰা হৈছে। প্ৰশাসনে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু বতৰ উন্নত হ’লেই বিদ্যালয়সমূহ পুনৰ খোলাৰ কথা বিবেচনা কৰা হ’ব। তদুপৰি জম্মু আৰু কাশ্মীৰ বিদ্যালয় শিক্ষা ব’র্ডে দশম আৰু একাদশ শ্ৰেণীৰ আজিৰ সকলো পৰীক্ষা স্থগিত ঘোষণা কৰিছে। উল্লেখযোগ্য যে ডাৱৰ বিস্ফোৰণ আৰু আকস্মিক বানৰ ক্ষয়-ক্ষতি তথা সম্প্ৰতি চলি থকা উদ্ধাৰ আৰু সাহায্য অভিযানৰ পর্যালোচনাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ আজি জন্মলৈ যাব। শ্ৰীশ্বাহে ভূমিস্খলনৰ ফলত বৈষ্ণোদেৱী মন্দিৰলৈ যোৱা ভালেসংখ্যক তীর্থযাত্ৰীৰ মৃত্যু হোৱা কাটৰাৰ পৰিস্থিতি পর্যালোচনা কৰিব। তেওঁ জন্মৰ ৰাজ ভৱনত বান সাহায্য সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হ’ব।
Assamese | September 1, 2025 3:04 PM | Akashvani | Akashvani News | Jammu and Kashmir
প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি জম্মুৰ সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয় বন্ধ ঘোষণা