● জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত খনন কাৰ্যৰ সময়ত শিৱলিংগৰ লগতে বহু হিন্দু দেৱ-দেৱীৰ মূৰ্তি খোদিত ফলক উদ্ধাৰ কৰা হৈছে। চৰকাৰী সূত্ৰই জনোৱা মতে দক্ষিণ কাশ্মীৰ জিলাৰ আশিমোকামৰ চালিয়া অঞ্চলৰ কাৰুকুটনাগত এই মূর্তিসমূহ উদ্ধাৰ কৰা হৈছে। জম্মু-কাশ্মীৰৰ পুৰাতত্ব আৰু সংগ্ৰহালয় বিভাগৰ বিষয়াসকলে অঞ্চলটো পৰিদৰ্শন কৰিছে। তেওঁলোকে এই মূর্তিসমূহৰ সময় আৰু উৎপত্তিৰ পৰীক্ষা কৰিবলৈ এই ফলকসমূহ শ্ৰীনগৰলৈ পঠিয়াব। কাৰকুটা বংশৰ সৈতে জড়িত কাশ্মিৰী পণ্ডিতসকলৰ সৈতে এই ফলক উদ্ধাৰ হোৱা ঠাইসমূহৰ স্মৃতি জড়িত হৈ আছে।
Assamese | August 3, 2025 3:38 PM | Akashvani News | Jammu and Kashmir
জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত খনন কাৰ্যৰ সময়ত শিৱলিংগৰ লগতে বহু হিন্দু দেৱ-দেৱীৰ মূৰ্তি খোদিত ফলক উদ্ধাৰ