জম্মু-কাশ্মীৰৰ জন্মৰ আৰ এছ পুৰা সীমান্তত আজি এজন পাকিস্তানী সন্ত্রাসবাদীক আটক কৰা হৈছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে তহলদাৰী সীমান্ত সৰক্ষা বাহিনীৰ জোৱানে পাকিস্তানৰ দিশৰ পৰা অহা এগৰাকী ব্যক্তিক ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰাৰ পাছতে কৰায়ত্ব কৰে। এয়া হৈছে চলিত মাহত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে দ্বিতীয়গৰাকী পাকিস্তানী লোকক আটক কৰাৰ ঘটনা। যোৱা ৮ ছেপ্তেম্বৰত আৰ এছ পুৰা অঞ্চলৰ অক্টৰৈৰ পৰা আন এজন পাকিস্তানী নাগৰিকক আটক কৰিছে।
Assamese | September 25, 2025 10:11 PM | Akashvani News | Jammu | Jammu and Kashmir
জম্মু-কাশ্মীৰৰ জন্মৰ আৰ এছ পুৰা সীমান্তত পাকিস্তানী সন্ত্রাসবাদীক আটক