August 21, 2026 8:21 PM | BRICS 2026

printer

পুনেত BRICS ৰাষ্ট্ৰগোষ্ঠীৰ যোগাযোগ মন্ত্রীসকলৰ দ্বাদশ বৈঠকৰ সামৰণি

আমাৰ দেশে এটা বহনক্ষম, বিশ্বাসী, উদ্ভাবনীমূলক, শক্তিশালী আৰু সর্বাত্মক ডিজিটেল ভৱিষ্যত গঢ়ি তোলাৰ লক্ষ্য নির্ধাৰণ কৰিছে বুলি কেন্দ্ৰীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই প্রকাশ কৰিছে। পুনেত আজি BRICS ৰাষ্ট্ৰগোষ্ঠীৰ যোগাযোগ মন্ত্রীসকলৰ দ্বাদশ বৈঠকৰ সামৰণি সত্ৰত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতে ডিজিটেল খণ্ডৰ দুৰ্বলতাসমূহ আঁতৰোৱা, বহনক্ষম ব্যবস্থা গঢ়ি তোলা, উদ্ভাবনক প্রাধান্য দিয়া আৰু সাম্য বৃদ্ধিৰ জৰিয়তে বহনক্ষম ডিজিটেল ৰূপান্তৰকৰণৰ বাবে কেইবাটাও প্রয়োজনীয় পদক্ষেপৰ প্ৰস্তাৱ হাতত লৈছে।

উল্লেখযোগ্য যে তথ্য আৰু যোগাযোগ প্রযুক্তি, ডিজিটেল ৰূপান্তৰ, উদ্ভাৱন আৰু সুস্থিৰ ডিজিটেল আন্তঃগাঁথনিৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে BRICS ৰ সদস্যৰাষ্ট্ৰৰ যোগাযোগ মন্ত্ৰী আৰু শীর্ষ প্রতিনিধিসকলে ৫ দিনীয়া এই বৈঠকত অংশ লৈছে। বৈঠকৰ মূল বিষয়বস্তু হৈছে সুস্থিৰ ভৱিষ্যতৰ বাবে উদ্ভাবন, সহযোগিতা আৰু ৰূপান্তৰ। এই বৈঠকে BRICS ৰ সদস্য ৰাষ্টসমূহক উন্নত প্রযুক্তি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, ভবিষ্যতৰ নেটৱৰ্ক, চাইবাৰ সুৰক্ষা, দক্ষতা নির্মাণ আৰু সর্বাংগীন ডিজিটেল যোগাযোগৰ বিষয়ত মত বিনিময়ৰ বাবে এখন মঞ্চ প্ৰদান কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।