August 21, 2026 8:19 PM | PM Meet with Startup

printer

ষ্টার্টআপৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ২০ টা মহাকাশ ষ্টার্টআপৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। আলোচনাৰ সময়ছোৱাত শ্রীমোদীয়ে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নীতকৰণৰ ক্ষেত্ৰত মহাকাশ প্ৰযুক্তিৰ বৃহত্তৰ কাৰ্যকাৰিতাৰ হকে পোষকতা কৰে। আমাৰ দেশৰ মহাকাশ খণ্ডই বিশ্ব পৰ্যায়ৰ প্ৰতিভা, আন্তঃৰাষ্ট্ৰীয় প্রতিষ্ঠান আৰু বিনিয়োগক আকৰ্ষিত কৰিব পৰাকৈ সক্ষম বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত এটা উপযুক্ত পৰিবেশতন্ত্র গঢ়ি তোলাৰ পৰামৰ্শ দিয়ে যাতে সমগ্ৰ বিশ্বই মহাকাশ খণ্ডৰ কথা ভবা মাত্রেই ভাৰতৰ ছবিয়েই মনলৈ আহে। মহাকাশ উদ্যোগ আৰু অন্যান্য সামাজিক বিকাশ খণ্ডসমূহৰ মাজত বৃহত্তৰ সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্রীমোদীয়ে উঠি অহা প্ৰজন্মৰ মাজত মহাকাশৰ প্ৰতি আকর্ষণ আৰু উৎসুকতা বঢ়োৱাৰ উদ্দেশ্যে অটল টিংকাৰিং লেব সমূহৰ কাৰ্যকাৰিতা বৃদ্ধিৰো পোষকতা কৰে। প্রধানমন্ত্রীয়ে লগতে মহাকাশ খণ্ডৰ ষ্টার্টআপসমূহৰ গুৰি ধৰোতাসকলক এই নতুন ক্ষেত্ৰখনত সাহসিকতাৰে আগবঢ়াৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

বৈঠকত ষ্টার্টআপসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলে মহাকাশখণ্ডত ব্যক্তিগত অংশীদাৰিত্বৰ পথ মুকলি কৰি দিয়াৰ সিদ্ধান্তক আদৰণি জনাই কয় যে ইয়াৰ জৰিয়তে বহুতো নতুন সুযোগৰ সৃষ্টি হ’ল। তেওঁলোকে লগতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা লাভকৰা শক্তিশালী সহযোগিতাত আলোকপাত কৰে। ষ্টার্টআপসমূহে মহাকাশখণ্ডত উচ্চাকাংক্ষী লক্ষ্য নির্ধাৰণ কৰি সেই দিশত নিৰন্তৰ একনিষ্ঠতাৰে কাম কৰি থকা বুলিও তেওঁলোকে জানিবলৈ দিয়ে। আজিৰ বৈঠকত স্কাইৰুট এৰ’স্পেচ, অগ্নিকুল কচমচ, পিকচেল, ধ্ৰুৱা স্পেচ, দিগন্তৰাকে ধৰি ২০ টা মহাকাশ স্টার্টআপৰ প্ৰতিষ্ঠাপকসকল উপস্থিত আছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।