কেন্দ্রীয় কেবিনেটে আজি ৪ টা ৰে’ল প্ৰকল্প আৰু এটা ঘাইপথ প্ৰকল্পকে ধৰি ৫ টা প্ৰকল্পত অনুমোদন জনাইছে

কেন্দ্রীয় কেবিনেটে আজি ৪ টা ৰে’ল প্ৰকল্প আৰু এটা ঘাইপথ প্ৰকল্পকে ধৰি ৫ টা প্ৰকল্পত অনুমোদন জনাইছে। আজি নতুন দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদ মাধ্যমৰ আগত কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্রীয় কেবিনেটে আজি ১৩ হাজাৰ ৪১ কোটি টকাৰ প্ৰকল্পত অনুমোদন জনায়। শ্রীবৈষ্ণৱে কয়, যে ৰে’লৱেৰ ৪ টা মালটিট্রেকিং প্রকল্পই সমগ্র পশ্চিমবংগ, ওডিশা, তামিলনাড়ু আৰু অন্ধ্ৰপ্ৰদেশৰ ৮ খন জিলা সামৰি লব।

তেওঁ লগতে জনাই যে প্রায় ৯,৪৫০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া এই প্ৰকল্পই ভাৰতীয় ৰে’লৱে খণ্ডত প্ৰায় ৪১০ কিলোমিটাৰ সংযোগ কৰিব। ২০৩০-৩১ চনৰ ভিতৰত সম্পূৰ্ণ হ’বলগীয়া এই প্রকল্পই ভাৰতীয় ৰে’লৱেৰ কাৰ্যকৰী দক্ষতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতাৰ মান উন্নত কৰিব। প্ৰস্তাৱিত প্ৰকল্পটোৱে প্রায় ৬০ লাখ জনসংখ্যা থকা ৬,৪৪৮ খন গাঁৱৰ সংযোগ বৃদ্ধি কৰিব।

শ্রীবৈষ্ণৱে কয়, যে কেন্দ্রীয় কেবিনেটে বিহাৰত ২২ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মুজফ্‌ফ্ফৰপুৰ, চিতামৰহি, সোণবৰ্ছা অংশত চাৰিলেনযুক্ত ঘাইপথলৈ উন্নতকৰণৰ বাবে অনুমোদন জনাইছে। তেওঁ কয় যে ৮২.৫৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰকল্পটোৱে মুঠ ৩,৫৯০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হ’ব।

এই প্ৰকল্পৰ জৰিয়তে যাত্ৰী আৰু মালবাহী পৰিবহনৰ দ্ৰুত আৰু নিৰাপদ চলাচল, ভ্ৰমণকাৰীৰ সংখ্যা বৃদ্ধি আৰু আঞ্চলিক সংযোগ শক্তিশালী হ’ব বুলি আশা কৰা হৈছে। শ্রীবৈষ্ণৱে কয়, যে বিহাৰৰ সম্প্ৰসাৰিত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ সৈতে প্ৰস্তাৱিত প্ৰকল্পটোৱে কৌশলগত আৰু অৰ্থনৈতিক প্ৰাসংগিকতাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।