আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মানিক্য বাহাদুৰৰ ১১৮ সংখ্যক জন্ম জয়ন্তীত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰীসিঙে কয় যে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মানিক্য বাহাদুৰে ত্ৰিপুৰাৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল।
যাৰ ফলস্বৰূপে তেওঁৰ শাসনকালত কৃষি স্বাস্থ্য সেৱা, শিক্ষা, আন্তঃগাথনি আৰু যোগাযোগ খণ্ডত যথেষ্ট উন্নয়ন পৰিলক্ষিত হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয় যে বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয়ৰ প্ৰসাৰৰ বিষয়টোৱে প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ত্ৰিপুৰাৰ মহাৰাজ বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ জয়ন্তীত শ্রদ্ধাঞ্জলি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয়, যে মহাৰাজ মাণিক্য বাহাদুৰ এগৰাকী দূৰদৰ্শী নেতা হোৱাৰ লগতে প্ৰশাসনক জনসাধাৰণৰ কাষলৈ লৈ যোৱাৰ পোষকতা কৰিছিল।
মহাৰাজ মাণিক্য বাহাদুৰক আধুনিক ত্ৰিপুৰাৰ খনিকৰ বুলি অভিহিত কৰাৰ লগতে তেওঁ শিক্ষা, আন্তঃগাঁথনি আৰু প্রশাসন ব্যৱস্থালৈ যথেষ্ট বৰঙণি আগবঢ়োৱাৰ কথা উল্লেখ কৰে।