অসম সাহিত্য সভাৰ ২০২৭-২০২৯ কাৰ্যকালৰ বাবে হ’বলগীয়া নিৰ্বাচনৰ উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে দাখিল কৰা মনোনয়নসমূহ আজি আৰু কাইলৈ পৰীক্ষা কৰা হ’ব। এই নিৰ্বাচনৰ বাবে ৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। নির্বাচনী সমিতিয়ে নিৰ্ধাৰণ কৰা অনুসৰি ৯ আৰু ১০ নৱেম্বৰত অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰে। অসম সাহিত্য সভাই এইবাৰ নিৰ্বাচনী প্ৰক্ৰিয়া সুকলমে পৰিচালনাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। খাম-খেয়ালি দূৰ কৰাৰ বাবে সাহিত্য সভাই নিষ্ক্ৰিক্ৰয় শাখাসমূহ চিনাক্ত কৰাৰ লগতে আজীৱন সভ্যৰ পঞ্জীয়ন নম্বৰসমূহ চালি-জাৰি চাই নিশ্চিত কৰিব। সভাৰ প্রধান সম্পাদক দেৱজিৎ বৰাই কালি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয়ত সভাৰ খতিয়ান বহীৰ পৰীক্ষণ চলি আছে। তদুপৰি প্রার্থিত্বৰ ক্ষেত্ৰতো সভাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি প্ৰধান সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে।
Assamese | November 11, 2026 11:01 AM | Assam sahitya sabaha
আজি আৰু কাইলৈ অসম সাহিত্য সভাৰ ২০২৭-২০২৯ কাৰ্যকালৰ বাবে হ’বলগীয়া নিৰ্বাচনৰ মনোনয়নসমূহ পৰীক্ষা