September 13, 2026 8:41 PM

views 10

অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ ষষ্ঠ কেন্দ্ৰীয় কার্যনির্বাহক অধিবেশন আৰু জনগোষ্ঠীয় সমাৰোহৰ সামৰণি

ওদালগুৰিত দুদিনীয়াকৈ অনুষ্ঠিত অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ ষষ্ঠ কেন্দ্ৰীয় কার্যনির্বাহক অধিবেশন আৰু জনগোষ্ঠীয় সমাৰোহৰ আজি সামৰণি পৰে। মংগল চণ্ডী ব্রহ্ম ভাষা সাহিত্য গবেষণা কেন্দ্ৰ আৰু ওদালগুৰি জিলা সাহিত্যৰ উদ্যোগত অনুষ্ঠিত এই অধিৱেশনৰ আজি অন্তিম দিনা সাহিত্য সভাৰ ষষ্ঠ পূর্ণাংগ কার্যনির্বাহক বৈঠক আয়োজিত হয়।  অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত কার্যনির্বাহক সভাত বিভিন্ন বিষয়ৰ লগতে আগন্তুক দুলীয়াজান অধিবেশন, জুবিন গাৰ্গৰ মৃত্যু বার্ষিকী আয়োজন কৰা সন্দৰ্ভত আলোচনা...

June 6, 2026 6:32 PM

views 22

গোলাঘাটত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাত কামৰূপ মহানগৰ জিলাৰ ১ নম্বৰ দেৱানী আদালতৰ স্থগিতাদেশ জাৰী

গোলাঘাটৰ বীৰাগংনা সতীসাধনী কলাক্ষেত্ৰত কাইলৈ অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাত কামৰূপ মহানগৰ জিলাৰ ১ নম্বৰ দেৱানী আদালতে স্থগিতাদেশ জাৰী কৰিছে। এটা গোচৰৰ আজি শুনানি গ্রহণ কৰি ন্যায়াধীশ নয়নজ্যোতি শৰ্মাৰ আদালতে প্রতিনিধি সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এই বাধা আৰোপ কৰে। অনৈতিকভাৱে প্ৰতিনিধি সভা অনুষ্ঠিত কৰাৰ অভিযোগ তুলি সভাৰ প্ৰাক্তন আইনী উপদেষ্টা অনন্তৰাম মেধি আদালতৰ দ্বাৰস্থ হৈছিল। এই গোচৰৰ ভিত্তিতেই আদালতে কাইলৈ গোলাঘাটত প্ৰতিনিধি সভা অনুষ্ঠিত কৰাত বাধা আৰোপ কৰে। অৱশ্যে অসম সাহিত্...

December 27, 2025 6:32 PM

views 68

আজি অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত জিলা আৰু শাখা সাহিত্য সভাসমূহৰ উদ্যোগত কাৰ্যসূচী অনুষ্ঠিত

আজি অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত থকা জিলা আৰু শাখা সাহিত্য সভাসমূহৰ উদ্যোগত কাৰ্যসূচী অনুষ্ঠিত হয়। ১৯১৭ চনৰ ২৬ ডিচেম্বৰত শিৱসাগৰত সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। এই উপলক্ষে আজি শিৱসাগৰত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। গুৱাহাটীৰ অসম সাহিত্য সভাৰ ভৱনতো আজি এই উপলক্ষে বিশেষ কার্যসূচী অনুষ্ঠিত হয়। বজালী জিলাৰ পাটাছাৰকুছিত আজি অসম সাহিত্য সভাৰ পাটাছাৰকুছি শতদল শাখা সাহিত্য সভাৰ উদ্যোগত কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে শাখাৰ সভাপতি হর্ষমোহন শর্মাই পতাক...

December 4, 2025 12:29 PM

views 88

অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ শতবর্ষ মহোৎসৱ দুদিনীয়াকৈ বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত

অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱ দুদিনীয়াকৈ বর্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। যোৰহাটবাসী ৰাইজ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্য অনুৰাগীৰ উপস্থিতিত এই ঐতিহ্যপূর্ণ ভৱনটোৰ গৌৰৱপূৰ্ণ শতবর্ষ অনুষ্ঠানটো উদযাপিত হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্রা, আলোচনাচক্র, স্মৃতি গ্রন্থ উন্মোচন কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। এই অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিশিষ্ট সাহিত্যিক, নৱ প্ৰজন্মৰ প্ৰতিনিধিকে ধৰি বহুলোকে অংশগ্ৰহণ কৰে।

November 9, 2025 8:37 PM

views 72

অসম সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত সুৱাগ তোলা কার্যসূচী

অসম সাহিত্য সভাৰ উদ্যোগত আজি শিৱসাগৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত সুৱাগ তোলা শীর্ষক কার্যসূচী অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ যোৰহাটস্থিত চন্দ্ৰকান্ত সন্দিকৈ ভৱনটোৰ অহা ২ ডিচেম্বৰত ১০০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এই কাৰ্যসূচীত সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ লগত সংগতি ৰাখি এটা বর্ণাঢ্য শোভাযাত্রা উলিওৱা হয়।

June 30, 2025 8:30 PM

views 63

নামৰূপ শাখা সাহিত্য সভাৰ নৱনিৰ্মিত ভৱন উদ্বোধন

অসমীয়া সাহিত্য-সংস্কৃতিলৈ উল্লেখনীয় বৰঙণি আগবঢ়োৱা নামৰূপ শাখা সাহিত্য সভাৰ নৱনিৰ্মিত ভৱন আজি সাংসদ ৰামেশ্বৰ তেলী আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে উদ্বোধন কৰে। এই নৱনিৰ্মিত ভৱনে অনাগত সময়ত সাহিত্য, সংস্কৃতি তথা সমাজৰ উন্নয়নৰ হকে কৰা কাম-কাজসমূহ আগবঢ়াই নিয়াত বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

May 23, 2025 7:49 PM

views 82

মামাং দাইলৈ অসম সাহিত্য সভাৰ ২০২৫ বৰ্ষৰ সাহিত্য সূৰ্য লুম্বেৰ দাই সোঁৱৰণী বঁটা

অসম সাহিত্য সভাই পদ্মশ্ৰী মামাং দাইলৈ ২০২৫ বৰ্ষৰ সাহিত্য সূৰ্য লুম্বেৰ দাই সোঁৱৰণী বঁটা আগবঢ়াইছে। অহা এক জুনত অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ গান্ধী ছেকেণ্ডাৰী স্কুল তিনি আলিত আয়োজন কৰা সাহিত্যসূৰ্য লুম্বেৰ দাই ৮৫ সংখ্যক জন্ম দিৱসৰ সৈতে সংগতি ৰাখি এই বঁটা প্ৰদান কৰা হ'ব। অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে পদ্মশ্ৰী মামাং দাইক এই বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে মামাং দাই অৰুণাচল প্ৰদেশৰ ইটানগৰ নিবাসী এগৰাকী কবি, ঔপন্যাসিক তথা সাংবাদিক। তেওঁ দ্যা ব্লেক হিল নামৰ উপন্যাসখনৰ বাবে ২০১৭ চনত ...

May 21, 2025 12:23 PM

views 78

অসম সাহিত্য সভাৰ সেতুবন্ধ যাত্ৰাৰ অধীনত অসমীয়া আৰু বাংলা ভাষা-সাহিত্যৰ সমন্বয় সাধনৰ প্ৰয়াস

ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে প্রতিবেশী ৰাজ্যৰ সৈতেও ভাষা-সাহিত্যৰ মাজত মিলন সেতু গঢ়াৰ লক্ষ্যৰে অসম সাহিত্য সভাই সেতুবন্ধ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত শেহতীয়াকৈ বৰাক উপত্যকাৰ তিনিওখন জিলাতে সেতুবন্ধ যাত্ৰাৰ অধীনত অসমীয়া আৰু বাংলা ভাষা- সাহিত্যৰ সমন্বয় সাধনৰ বাবে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। সোমবাৰে উপত্যকাটোত সেতুবন্ধ যাত্ৰাৰ অন্তিম দিনা অসম সাহিত্য সভাই বর্ণাঢ্য কাৰ্যসূচীৰে বাংলা ভাষা ছহিদ দিৱসৰ আয়োজন কৰে। ইয়াৰ আগেয়ে যোৱা ১৮ এপ্ৰিলৰ পৰা...

January 30, 2025 6:41 PM

views 67

কাইলৈৰ পৰা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন আৰম্ভ

বজালী জিলাৰ পাঠশালাত কাইলৈৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই অধিবেশনৰ কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতে উৎসাহ উদ্দীপনাৰ পৰিবেশে বিৰাজ কৰিছে। অধিবেশনৰ আদৰণি সমিতিয়ে সাহিত্য সভাৰ এই অধিবেশনৰ অংশ হিচাপে বজালী শীর্ষক এটি গীত মুকলি কৰা হৈছে। ড° বিনীতা বৰা দেৱচৌধুৰীৰ কথা আৰু অৰূপ জ্যোতি বৰুৱাৰ সুৰ আৰু সংগীত পৰিচালনাৰে এই গীতটিয়ে বজালীৰ সংস্কৃতি, ইতিহাস আৰু ঐতিহ্যক বহুমাত্ৰিক ৰূপত তুলি ধৰিছে।        কাইলৈ পুৱা চাৰে...

January 30, 2025 6:35 PM

views 88

৭ গৰাকী বিশিষ্ট ব্যক্তিক অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান প্ৰদান

অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান সদস্য মহীয়ানৰ লগতে সাহিত্যাচার্য সন্মান আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত আয়োজিত অনুষ্ঠানত অসম সাহিত্য সভাই সাহিত্যিক তথা অধ্যাপক থানেশ্বৰ শৰ্মা আৰু অধ্যাপক মহেশ্বৰ হাজৰিকাক সদস্য মহীয়ান সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত সাহিত্যিক আনন্দ বৰমুদৈ, অধ্যাপক ইদ্রিছ আলী, অধ্যাপিকা কৰবী ডেকা হাজৰিকা আৰু অধ্যাপক ভীমকান্ত বৰুৱাক সাহিত্যাচাৰ্য সন্মান প্ৰদান কৰা হয়। একেটা অনুষ্ঠানতে বিশিষ্ট কবি আনিছ উজ জামানক অসম সাহিত্য সভাৰ জাতীয় কবি সন্...