অসম সাহিত্য সভাই পদ্মশ্ৰী মামাং দাইলৈ ২০২৫ বৰ্ষৰ সাহিত্য সূৰ্য লুম্বেৰ দাই সোঁৱৰণী বঁটা আগবঢ়াইছে। অহা এক জুনত অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ গান্ধী ছেকেণ্ডাৰী স্কুল তিনি আলিত আয়োজন কৰা সাহিত্যসূৰ্য লুম্বেৰ দাই ৮৫ সংখ্যক জন্ম দিৱসৰ সৈতে সংগতি ৰাখি এই বঁটা প্ৰদান কৰা হ’ব। অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে পদ্মশ্ৰী মামাং দাইক এই বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে মামাং দাই অৰুণাচল প্ৰদেশৰ ইটানগৰ নিবাসী এগৰাকী কবি, ঔপন্যাসিক তথা সাংবাদিক। তেওঁ দ্যা ব্লেক হিল নামৰ উপন্যাসখনৰ বাবে ২০১৭ চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। পদ্মশ্ৰী মামাং দাইক এই বঁটা প্রদানেৰে অসম সাহিত্য সভাই অসম আৰু অৰুণাচল প্ৰদেশৰ ভাতৃত্ববোধৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে ।
Assamese | May 23, 2025 7:49 PM | Assam sahitya sabaha
মামাং দাইলৈ অসম সাহিত্য সভাৰ ২০২৫ বৰ্ষৰ সাহিত্য সূৰ্য লুম্বেৰ দাই সোঁৱৰণী বঁটা