গোলাঘাটৰ বীৰাগংনা সতীসাধনী কলাক্ষেত্ৰত কাইলৈ অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাত কামৰূপ মহানগৰ জিলাৰ ১ নম্বৰ দেৱানী আদালতে স্থগিতাদেশ জাৰী কৰিছে। এটা গোচৰৰ আজি শুনানি গ্রহণ কৰি ন্যায়াধীশ নয়নজ্যোতি শৰ্মাৰ আদালতে প্রতিনিধি সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এই বাধা আৰোপ কৰে। অনৈতিকভাৱে প্ৰতিনিধি সভা অনুষ্ঠিত কৰাৰ অভিযোগ তুলি সভাৰ প্ৰাক্তন আইনী উপদেষ্টা অনন্তৰাম মেধি আদালতৰ দ্বাৰস্থ হৈছিল। এই গোচৰৰ ভিত্তিতেই আদালতে কাইলৈ গোলাঘাটত প্ৰতিনিধি সভা অনুষ্ঠিত কৰাত বাধা আৰোপ কৰে। অৱশ্যে অসম সাহিত্য সভাক কাইলৈ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিবলৈ আদালতে অনুমতি প্রদান কৰিছে।
Assamese | June 6, 2026 6:32 PM | Assam sahitya sabaha
গোলাঘাটত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাত কামৰূপ মহানগৰ জিলাৰ ১ নম্বৰ দেৱানী আদালতৰ স্থগিতাদেশ জাৰী