January 29, 2025 1:14 PM

views 63

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

বজালী জিলাৰ পাঠশালাত পৰহিলৈৰ পৰা হ'বলগীয়া অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। বজালীৰ ভট্টদেৱ ক্ষেত্ৰত পাঁচদিনীয়াকৈ হ'বলগীয়া এই অধিৱেশনৰ বাবে নাট্য নগৰী পাঠশালাৰ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা বিৰাজ কৰিছে। এই অধিৱেশনত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত বৰ অসমৰ আৰ্হিৰ প্ৰতিফলন ঘটোৱাৰ প্ৰয়াস কৰা হ'ব। দুখন বাহনত প্রতীকি ৰূপত বজালীৰ ঐতিহাসিক ডুবি দেৱালয়, ভোগেশ্বৰী মন্দিৰ আৰু এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ জালিখাটাৰ বটগছৰ লগতে অসমৰ ভিন্ন কলা-সংস্ক...

January 29, 2025 12:49 PM

views 75

কেইবাজনো বিশিষ্ট ব্যক্তিলৈ অসম সাহিত্য সভাৰ সন্মান

অসম সাহিত্য সভাই ৰাজ্যৰ ভাষা-সাহিত্য-সংস্কৃতি তথা জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে সদস্য মহিয়ান, সাহিত্যচাৰ্য আৰু জাতীয় কবি সন্মান প্ৰাপকৰ নাম ঘোষণা কৰিছে। অসম সাহিত্য সভাৰ প্রধান সম্পাদক ড° উপেন্দ্রনাথ শর্মাই প্রাচ্যতত্ববিদ বিশিষ্ট সাহিত্যিক, অধ্যাপক থানেশ্বৰ শৰ্মা আৰু মহেশ্বৰ হাজৰিকালৈ সদস্য মহিয়ান সন্মান আগবঢ়োৱা হৈছে বুলি অৱগত কৰে। একেদৰে গৱেষক, সাহিত্যিক, অধ্যাপক আনন্দ বৰমুদৈ, বিশিষ্ট সাহিত্যিক, অধ্যাপক ইদ্রিছ আলী, বিশিষ্ট ভাষাবিদ, অধ্যাপক ভীমকান্ত বৰুৱা আৰু গৱেষক সাহিত্যিক, অধ্যাপক কৰ...

January 27, 2025 7:06 PM

views 65

অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনলৈ প্রতিনিধিসকলক আদৰিবলৈ সাজু আদৰণি সমিতি

অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনলৈ ৩ দিন বাকী থকা সময়ত অধিৱেশনৰ আদৰণি সমিতিয়ে প্রতিনিধিসকলক আদৰিবলৈ সাজু হৈছে। পাঠশালা শিক্ষাপীঠ আদর্শ বুনিয়াদী উচ্চ মাধ্যমিক বিদ্যালয়ত ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ হ'বলগীয়া দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনৰ অসম সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ অষ্টম তথা অন্তিমখন কাৰ্যনিৰ্বাহক সভা ৩১ জানুৱাৰীত অনুষ্ঠিত হ'ব। আনহাতে, ১ ফেব্ৰুৱাৰীৰ সন্ধিয়া হ'বলগীয়া প্ৰতিনিধি সভাখনলৈ প্ৰতিগৰাকী কাৰ্যনিৰ্বাহক সদস্য তথা প্রতিনিধিকে কিউ আৰ ক'ড ব্যৱস্থাৰে বৈঠকৰ স্থান উলিয়াই লোৱাৰ ব্যৱস্থ...

January 24, 2025 1:17 PM

views 69

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিবেশনৰ প্ৰস্তুতি অব্যাহত

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিবেশনৰ প্ৰস্তুতি পূর্ণগতিত চলি আছে। অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ ভট্টদেৱ ক্ষেত্ৰত হ'বলগীয়া সভাৰ অধিবেশনৰ বাবে এইবাৰ ৬ কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছে। অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰা মতে এইবাৰ অধিবেশনত সকলো প্রতিনিধিক বিনামূলীয়াকৈ ভ্রাম্যমান থিয়েটাৰ দেখুওৱাৰ ব্যৱস্থা কৰা হৈছে। ভ্ৰাম্যমান আৰু যাত্ৰাপাৰ্টীৰ জন্মস্থান বজালী হোৱা হেতুকে অধিবেশনত যাত্ৰাপাৰ্টীৰ নাট প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে। আনহাতে, ইতিহাস সন্মিল...

January 22, 2025 8:45 PM

views 67

৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পূর্ণাংগ অধিৱেশন

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পূর্ণাংগ অধিৱেশনখন অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ বজালী জিলাৰ পাঠশালা নগৰৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হ'ব। আজি অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সিংহপুরুষ বাধাগোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত আয়োজিত এখন সংবাদমেলত অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত পাঠশালা অধিৱেশনৰ প্ৰচাৰ উপ-সমিতিয়ে সবিশেষ তথ্য সদৰি কৰে। উপ-সমিতিখনৰ সভাপতি তথা প্রাক্তন বিধায়ক মনোৰঞ্জন দাসে সংবাদমেলত কয়, যে অধিৱেশনৰ প্ৰথম দিনা পুৱা নামঘৰৰ দ্বাৰ মুকলি, ভট্টদেৱ ক্ষেত্ৰ আৰু মূল তোৰণ উদ্বোধন, ভট্টদেৱৰ ক...

January 3, 2025 12:38 PM

views 55

অসম সাহিত্য সভাৰ অধিৱেশনত প্ৰতিনিধিত্ব কৰিবলগীয়া ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক বিশেষ নৈমিত্তিক ছুটী প্ৰদান

অসম সাহিত্য সভাৰ সমাগত অধিৱেশনত প্ৰতিনিধিত্ব কৰিবলগীয়া ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে বিশেষ নৈমিত্তিক ছুটী লাভ কৰিব। সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা এখন জাননীত উল্লেখ কৰে যে ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ পাঠশালাত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনত অংশগ্রহণ কৰিবলগীয়া কৰ্মচাৰীসকলক এই সুবিধা প্ৰদান কৰা হৈছে। অৱশ্যে যিসকল কৰ্মচাৰীয়ে চৰকাৰৰ ধ্বজাবাহী আঁচনি ৰূপায়ণৰ সৈতে জড়িত হৈ আছে, তেওঁলোকে সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষেহে এনে ছুটী লাভ কৰিব বুলি জাননীখনত উল্লেখ কৰা হৈছে ।