অসম সাহিত্য সভাৰ সমাগত অধিৱেশনত প্ৰতিনিধিত্ব কৰিবলগীয়া ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে বিশেষ নৈমিত্তিক ছুটী লাভ কৰিব। সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা এখন জাননীত উল্লেখ কৰে যে ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ পাঠশালাত অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনত অংশগ্রহণ কৰিবলগীয়া কৰ্মচাৰীসকলক এই সুবিধা প্ৰদান কৰা হৈছে। অৱশ্যে যিসকল কৰ্মচাৰীয়ে চৰকাৰৰ ধ্বজাবাহী আঁচনি ৰূপায়ণৰ সৈতে জড়িত হৈ আছে, তেওঁলোকে সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষেহে এনে ছুটী লাভ কৰিব বুলি জাননীখনত উল্লেখ কৰা হৈছে ।
Assamese | January 3, 2025 12:38 PM | Assam sahitya sabaha
অসম সাহিত্য সভাৰ অধিৱেশনত প্ৰতিনিধিত্ব কৰিবলগীয়া ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক বিশেষ নৈমিত্তিক ছুটী প্ৰদান