অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান সদস্য মহীয়ানৰ লগতে সাহিত্যাচার্য সন্মান আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত আয়োজিত অনুষ্ঠানত অসম সাহিত্য সভাই সাহিত্যিক তথা অধ্যাপক থানেশ্বৰ শৰ্মা আৰু অধ্যাপক মহেশ্বৰ হাজৰিকাক সদস্য মহীয়ান সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত সাহিত্যিক আনন্দ বৰমুদৈ, অধ্যাপক ইদ্রিছ আলী, অধ্যাপিকা কৰবী ডেকা হাজৰিকা আৰু অধ্যাপক ভীমকান্ত বৰুৱাক সাহিত্যাচাৰ্য সন্মান প্ৰদান কৰা হয়। একেটা অনুষ্ঠানতে বিশিষ্ট কবি আনিছ উজ জামানক অসম সাহিত্য সভাৰ জাতীয় কবি সন্মান প্ৰদান কৰা হয়।
Assamese | January 30, 2025 6:35 PM | Assam sahitya sabaha
৭ গৰাকী বিশিষ্ট ব্যক্তিক অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান প্ৰদান