অসম সাহিত্য সভাই ৰাজ্যৰ ভাষা-সাহিত্য-সংস্কৃতি তথা জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে সদস্য মহিয়ান, সাহিত্যচাৰ্য আৰু জাতীয় কবি সন্মান প্ৰাপকৰ নাম ঘোষণা কৰিছে। অসম সাহিত্য সভাৰ প্রধান সম্পাদক ড° উপেন্দ্রনাথ শর্মাই প্রাচ্যতত্ববিদ বিশিষ্ট সাহিত্যিক, অধ্যাপক থানেশ্বৰ শৰ্মা আৰু মহেশ্বৰ হাজৰিকালৈ সদস্য মহিয়ান সন্মান আগবঢ়োৱা হৈছে বুলি অৱগত কৰে। একেদৰে গৱেষক, সাহিত্যিক, অধ্যাপক আনন্দ বৰমুদৈ, বিশিষ্ট সাহিত্যিক, অধ্যাপক ইদ্রিছ আলী, বিশিষ্ট ভাষাবিদ, অধ্যাপক ভীমকান্ত বৰুৱা আৰু গৱেষক সাহিত্যিক, অধ্যাপক কৰবী ডেকা হাজৰিকাক সাহিত্যচাৰ্য সন্মান প্ৰদান কৰা হ‘ব বুলি ড° শৰ্মাই জানিবলৈ দিয়ে। কাইলৈ অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত হ‘বলগীয়া সমাৱৰ্তন, ২০২৫ অনুষ্ঠানত এই সন্মানসমূহ আগবঢ়োৱা হ‘ব। এই অনুষ্ঠানতে বিশিষ্ট কবি সাহিত্যিক আনিছ উজ জামানক জাতীয় কবিৰ সন্মান প্ৰদান কৰা হ‘ব।
Assamese | January 29, 2025 12:49 PM | Assam sahitya sabaha
কেইবাজনো বিশিষ্ট ব্যক্তিলৈ অসম সাহিত্য সভাৰ সন্মান