January 29, 2025 1:14 PM | Assam sahitya sabaha

printer

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

বজালী জিলাৰ পাঠশালাত পৰহিলৈৰ পৰা হ‘বলগীয়া অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। বজালীৰ ভট্টদেৱ ক্ষেত্ৰত পাঁচদিনীয়াকৈ হ‘বলগীয়া এই অধিৱেশনৰ বাবে নাট্য নগৰী পাঠশালাৰ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা বিৰাজ কৰিছে। এই অধিৱেশনত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত বৰ অসমৰ আৰ্হিৰ প্ৰতিফলন ঘটোৱাৰ প্ৰয়াস কৰা হ‘ব। দুখন বাহনত প্রতীকি ৰূপত বজালীৰ ঐতিহাসিক ডুবি দেৱালয়, ভোগেশ্বৰী মন্দিৰ আৰু এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ জালিখাটাৰ বটগছৰ লগতে অসমৰ ভিন্ন কলা-সংস্কৃতি আটকধুনীয়া ৰূপত তুলি ধৰা হ‘ব। এই ব্যতিক্রমী সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে শিল্পীসকল অহৰহ ব্যস্ত হৈ আছে। কালি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পাঠশালাত সাহিত্য সভাৰ প্ৰস্তুতিৰ বুজ লয় । তেওঁ লগতে বিভাগীয় মন্ত্ৰী-বিধায়ক আৰু সংশ্লিষ্টসকলক অধিৱেশনলৈ গৈ গ্ৰন্থ ক্ৰয় কৰাৰ বাবে আহ্বান জনায়।