ওদালগুৰিত দুদিনীয়াকৈ অনুষ্ঠিত অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ ষষ্ঠ কেন্দ্ৰীয় কার্যনির্বাহক অধিবেশন আৰু জনগোষ্ঠীয় সমাৰোহৰ আজি সামৰণি পৰে। মংগল চণ্ডী ব্রহ্ম ভাষা সাহিত্য গবেষণা কেন্দ্ৰ আৰু ওদালগুৰি জিলা সাহিত্যৰ উদ্যোগত অনুষ্ঠিত এই অধিৱেশনৰ আজি অন্তিম দিনা সাহিত্য সভাৰ ষষ্ঠ পূর্ণাংগ কার্যনির্বাহক বৈঠক আয়োজিত হয়।
অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত কার্যনির্বাহক সভাত বিভিন্ন বিষয়ৰ লগতে আগন্তুক দুলীয়াজান অধিবেশন, জুবিন গাৰ্গৰ মৃত্যু বার্ষিকী আয়োজন কৰা সন্দৰ্ভত আলোচনা কৰা হয়।
অসম সাহিত্য সভাই অহা ১৯ ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালনৰ সিদ্ধান্ত গ্রহণ কৰে। কাৰ্যর্যনির্বাহক বৈঠকৰ মাজতে ৮ খন গ্রন্থ উন্মোচন কৰা হয়।
অসম সাহিত্য সভাৰ সভাপতি ড০ গোস্বামীয়ে কয় যে ১৯ নবেম্বৰত জুবিন গাৰ্গৰ জন্ম দিনটোত শিল্পীগৰাকীৰ প্ৰায় ১০০টা গীতৰ সংকলন প্ৰকাশ কৰা হ’ব।
ভূপেন হাজৰিকাৰ গানসমূহ তামিল, তেলেগু, মালায়ালম, পাঞ্জাবী, মাৰাঠী, গুজৰাটীসহ ৯ টা ভাষালৈ অনুবাদৰ বাবে কার্যনির্বাহকে অনুমোদন জনোৱা বুলিও সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।