ৰাষ্ট্ৰীয়

September 4, 2026 12:16 PM

views 57

ভগৱান শ্রীকৃষ্ণৰ জন্মাষ্টমী ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি-নীতি, উলহ-মালহেৰে উদযাপন

ভগবান শ্রীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি-নীতিৰে উলহ-মালহেৰে পালন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে ৰাজ্যখনৰ সত্ৰ নামঘৰসমূহৰ লগতে ঘৰে ঘৰে ব্যাপক আয়োজন চলিছে। ৰাজ্যখনৰ চৌদিশ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ উঠিছে। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰতো বর্ণাঢ্য কাৰ্যসূচীৰ জন্মাষ্টমী উদযা...

September 4, 2026 11:57 AM

views 35

শ্রীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতৰ প্ৰথমটো ইমেজিং উপগ্রহ জি এছ এল ভি ৰকেটৰ সহায়ত সফলতাৰে উৎক্ষেপন

শ্রীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা আজি নিচেই পুৱা পৃথিৱীৰ গতিৰ সৈতে একে সময়তে প্রদক্ষিণ কৰা ভাৰতৰ প্ৰথমটো ইমেজিং উপগ্রহ জি এছ এল ভি ৰকেটৰ সহায়ত সফলতাৰে উৎক্ষেপন কৰা হয়। ভাৰতীয় মহাকাশ গবেষণা সংস্থাই জানিবলৈ দিছে যে অত্যাধুনিক পৃথিৱী পর্যবেক্ষণ ই অ' এছ-০৫ এই উপগ্রহটো উৎক্ষেপনৰ ১৮ মিনিটৰ পাছত ...

September 4, 2026 12:48 PM

views 109

ৰাজ্যিক কৃতি শিক্ষক বঁটা ২০২৬ৰ বাবে ১৫গৰাকী শিক্ষকক বাছনি

ৰাজ্যিক কৃতি শিক্ষক বঁটা-২০২৬ৰ বাবে ১৫ গৰাকী শিক্ষকক বাছনি কৰা হৈছে। ৰাজ্যিক পৰ্যায়ৰ নিৰ্বাচনী সমিতিৰ অনুমোদনমর্মে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই কালি এখন জাননীৰ জৰিয়তে কৃতি শিক্ষক বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰে। যোৰহাট জিলাৰ মালৌআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্যামলিমা বৰা, কামৰূপ মহানগৰৰ...

September 3, 2026 8:21 PM

views 17

চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত কাইলৈ শ্রীকান্ত লী-চেক-য়িউৰ বিৰুদ্ধে অৱতীৰ্ণ

ভাৰতৰ কিদাম্বি শ্রীকান্তে চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত কাইলৈ হংকঙৰ লী-চেক-য়িউৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন কাইলৈ সন্ধিয়া চাৰে সাত বজাৰ পৰা অনুষ্ঠিত হ'ব। শ্রীকান্তে আজি প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত বিশ্বৰ নৱম স্থানৰ খেলুৱৈ কানাডাৰ ভিক্টৰ লাইক পৰাস্ত কৰি...

September 3, 2026 8:19 PM

views 17

কাইলৈৰ পৰা নতুন দিল্লীত ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশ মঞ্চৰ আয়োজন উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে কাইলৈৰ পৰা নতুন দিল্লীত ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশ মঞ্চৰ আয়োজন কৰিছে। এই মঞ্চত ব্ৰীকচৰ সদস্য ৰাষ্ট্ৰ আৰু অংশীদাৰ দেশসমূহৰ মুখ্য ন্যায়াধীশ, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু জ্যেষ্ঠ ন্যায়িক নেতাসকল উপকৃত হ'ব। এই মঞ্চই অংশগ্ৰহণকাৰী ন্যায়পালিকাসকলৰ মাজত আলোচনাৰ বাবে আ...

September 3, 2026 8:15 PM

views 15

ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগ খণ্ডক প্ৰশংসা পিযুষ গোৱেলৰ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিযুষ গোৱেলে আজি চলিত বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্রিমাষিকত ৭ দশমিক ৮ শতাংশ মুঠ ঘৰুৱা উৎপাদনৰ সাফল্য অৰ্জনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগ খণ্ডক প্ৰশংসা কৰিছে। নতুন দিল্লীত মুক্ত বাণিজ্য চুক্তিৰ সন্দৰ্ভত এখন ৰাষ্ট্ৰীয় কৰ্মশালাত অধ্যক্ষতা ...

September 3, 2026 8:11 PM

views 13

ইউক্রেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত থকা সংঘাত অৱসানৰ বাবে প্রধানমন্ত্ৰীয়ে জনোৱা আহ্বানক ইউক্রেইনৰ স্বাগতম

ইউক্রেইনৰ বৈদেশিক মন্ত্ৰী আন্দ্ৰী চিবিহাই ভাৰতক গোলকীয় শক্তি বুলি অভিহিত কৰি আজি কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্রেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত থকা সংঘাত অৱসানৰ বাবে জনোৱা আহ্বানক দেশখনে স্বাগতম জনাইছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘাত অব্যাহত থকাৰ মাজতে দেশখনৰ কিভত উপস্থিত হোৱা ভাৰতৰ বৈদ...

September 3, 2026 8:05 PM

views 16

ভাৰত আৰু বেলজিয়ামে দেশ দুখনৰ মাজত বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি হোৱাৰ বিষয়টোক আদৰণি জনাইছে

ভাৰত আৰু বেলজিয়ামে আজি বাণিজ্য, বিনিয়োগ আৰু অৰ্থনৈতিক সহযোগিতা সূদৃঢ় কৰাৰ দায়বদ্ধতাক দোহাৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বেলজিয়ামৰ প্ৰধানমন্ত্ৰী বাৰ্ট ডে ৱেভাৰে দেশ দুখনৰ মাজত বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি হোৱাৰ বিষয়টোক আদৰণি জনাইছে। দেশ দুখনে সমাগত ৫ বছৰত দুয়োখন দেশৰ মাজৰ...

September 3, 2026 12:25 PM

views 41

ৱিকছ ৰাষ্ট্ৰসমূহৰ বৌদ্ধিক সম্পদ (আই পি) কাৰ্যালয়ৰ মুৰব্বীসকলৰ ১৮ সংখ্যক বৈঠকৰ সামৰণি

ৱিকছ ৰাষ্ট্ৰসমূহৰ বৌদ্ধিক সম্পদ (আই পি) কাৰ্যালয়ৰ মুৰব্বীসকলৰ ১৮ সংখ্যক বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হয়। এই বৈঠকত ব্ৰিকছত ভাৰতৰ অধ্যক্ষতা, স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতাৰ বিষয়ে আলোচনা কৰা হয়। বৌদ্ধিক সম্পদৰ কাঠামোসমূহে কেনেদৰে প্ৰযুক্তিগত স্থিতিস্থাপকতা আৰু বহনক্ষম অর্থনৈতিক বৃদ্...

September 3, 2026 12:14 PM

views 45

দেশত বর্ধিত পথ দুর্ঘটনা সন্দর্ভত কেন্দ্ৰীয় মন্ত্রী নীতিন গাডকাৰীৰ উদ্বেগ প্রকাশ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে দেশত বর্ধিত পথ দুর্ঘটনা সন্দর্ভত উদ্বেগ প্রকাশ কৰি ভাৰতৰ বাবে পথ সুৰক্ষা গুৰুত্বপূর্ণ বিষয় হৈ পৰিছে বুলি মত প্রকাশ কৰে। নতুন দিল্লীত কালি উন্নত ঘাইপথ অভিৱর্তন ২০২৬ত দিয়া ভাষণত শ্রীগাডকাৰীয়ে কয়, যে প্ৰতিবছৰে ১ লাখ ৮০ হাজাৰ লোক পথ দুর্ঘটনাত প্রাণ হ...