শ্রীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা আজি নিচেই পুৱা পৃথিৱীৰ গতিৰ সৈতে একে সময়তে প্রদক্ষিণ কৰা ভাৰতৰ প্ৰথমটো ইমেজিং উপগ্রহ জি এছ এল ভি ৰকেটৰ সহায়ত সফলতাৰে উৎক্ষেপন কৰা হয়।
ভাৰতীয় মহাকাশ গবেষণা সংস্থাই জানিবলৈ দিছে যে অত্যাধুনিক পৃথিৱী পর্যবেক্ষণ ই অ’ এছ-০৫ এই উপগ্রহটো উৎক্ষেপনৰ ১৮ মিনিটৰ পাছত সফলতাৰে কক্ষপথত উপনীত হয়।
২৭ ঘণ্টাৰ সময় গণনাৰ অন্তত জি এছ এল ভি-এফ ১৭ ৰকেটৰ সহায়ত ২৩৬৭ কিলোগ্রাম ভৰসহ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ দ্বিতীয়টো উৎক্ষেপনস্থলীৰ পৰা নিচেই পুৱা ২ বাজি ৫৫ মিনিটত উৎক্ষেপন কৰা হয়।
এই উপগ্ৰহটোৱে বাস্তৱ সময়ৰ চিত্ৰ প্ৰদান কৰিব আৰু ইয়াৰ ফলত কৃষি, দুর্যোগ ব্যৱস্থাপনা আদি ক্ষেত্রত দেশক সহায় কৰিব। ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে কয় যে এই উৎক্ষেপনে ভাৰতৰ পৃথিৱী নিৰীক্ষণৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে এই ক্ষেত্ৰত উন্নত সেৱা প্ৰদান কৰিব।