September 4, 2026 4:16 PM

views 17

জি এছ এল ভি-এফ-১৭ৰ সফল উৎক্ষেপনৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাক অভিনন্দন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ই অ’ এছ-০৫ নামৰ কৃত্ৰিম উপগ্ৰহটো কঢ়িয়াই নিয়া জি এছ এল ভি - এফ- ১৭ৰ সফল উৎক্ষেপনৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰোক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত শ্রীমোদীয়ে এই সফল উৎক্ষেপনৰ জৰিয়তে ভাৰতৰ মহাকাশ খণ্ডৰ উৎকৃষ্টতা, উদ্ভাৱনী শক্তি আৰু ক্ৰমবৰ্ধমান সামর্থ্যৰ প্ৰতিফলন ঘটা বুলি মত প্ৰকাশ কৰে। ইছৰো আৰু ভাৰতীয় উদ্যোগৰ মাজত ক্রমান্বয়ে বৃদ্ধি পাই অহা সহযোগিতাই দেশখনৰ মহাকাশ আঁচনিসমূহলৈ নতুন শক্তিৰ যোগান ধৰা বুলিও উল্লেখ কৰি এই সফলতাক ত...

September 4, 2026 11:57 AM

views 28

শ্রীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতৰ প্ৰথমটো ইমেজিং উপগ্রহ জি এছ এল ভি ৰকেটৰ সহায়ত সফলতাৰে উৎক্ষেপন

শ্রীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা আজি নিচেই পুৱা পৃথিৱীৰ গতিৰ সৈতে একে সময়তে প্রদক্ষিণ কৰা ভাৰতৰ প্ৰথমটো ইমেজিং উপগ্রহ জি এছ এল ভি ৰকেটৰ সহায়ত সফলতাৰে উৎক্ষেপন কৰা হয়। ভাৰতীয় মহাকাশ গবেষণা সংস্থাই জানিবলৈ দিছে যে অত্যাধুনিক পৃথিৱী পর্যবেক্ষণ ই অ' এছ-০৫ এই উপগ্রহটো উৎক্ষেপনৰ ১৮ মিনিটৰ পাছত সফলতাৰে কক্ষপথত উপনীত হয়। ২৭ ঘণ্টাৰ সময় গণনাৰ অন্তত জি এছ এল ভি-এফ ১৭ ৰকেটৰ সহায়ত ২৩৬৭ কিলোগ্রাম ভৰসহ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ দ্বিতীয়টো উৎক্ষেপনস্থলীৰ পৰা নিচেই পুৱা ২ বাজি ৫৫ মিনিটত উৎক্ষেপন কৰা হ...