প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ই অ’ এছ-০৫ নামৰ কৃত্ৰিম উপগ্ৰহটো কঢ়িয়াই নিয়া জি এছ এল ভি – এফ- ১৭ৰ সফল উৎক্ষেপনৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰোক অভিনন্দন জ্ঞাপন কৰিছে।
সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত শ্রীমোদীয়ে এই সফল উৎক্ষেপনৰ জৰিয়তে ভাৰতৰ মহাকাশ খণ্ডৰ উৎকৃষ্টতা, উদ্ভাৱনী শক্তি আৰু ক্ৰমবৰ্ধমান সামর্থ্যৰ প্ৰতিফলন ঘটা বুলি মত প্ৰকাশ কৰে। ইছৰো আৰু ভাৰতীয় উদ্যোগৰ মাজত ক্রমান্বয়ে বৃদ্ধি পাই অহা সহযোগিতাই দেশখনৰ মহাকাশ আঁচনিসমূহলৈ নতুন শক্তিৰ যোগান ধৰা বুলিও উল্লেখ কৰি এই সফলতাক তেওঁ মহাকাশ গৱেষণা সংস্থাটোৰ বৃহৎ সাফল্য তথা দেশবাসীৰ বাবে গৌৰৱৰ কাৰণ বুলি অভিহিত কৰে।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও ই অ’ এছ-০৫ নামৰ কৃত্ৰিম উপগ্ৰহটোৰ সফল উৎক্ষেপনৰ বাবে ইছৰো শলাগ লৈছে। এই সফল উৎক্ষেপনৰ ফলত গ্ৰহটোৰ গতিবিধি নিৰীক্ষণৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থ্য অধিক শক্তিশালী হৈ উঠাৰ লগতে দেশখনৰ মহাকাশ সম্পৰ্কীয় আঁচনিসমূহৰ সামৰ্থ্য বৃদ্ধি পাব বুলি সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। একেদৰে বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙেও উপগ্ৰহটোৰ সফল উৎক্ষেপনৰ বাবে ইছৰোক অভিনন্দন জনাইছে।
শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা আজি পুৱতি নিশা পৃথিৱীৰ গতিৰ সৈতে একে সময়তে প্রদক্ষিণ কৰা ই অ’ এছ-০৫ নামৰ ভাৰতৰ প্ৰথমটো প্ৰতিবিম্ব গ্ৰহণকাৰী কৃত্ৰিম উপগ্ৰহ জি এছ এল ভি ৰকেটৰ সহায়ত সফলতাৰে উৎক্ষেপন কৰা হয়। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই জানিবলৈ দিছে যে পৃথিৱীক পৰ্যবেক্ষণ কৰিবলগীয়া এই অত্যাধুনিক উপগ্ৰহটোক উৎক্ষেপন ১৮ মিনিটৰ পাছত সফলতাৰে কক্ষপথত স্থাপন কৰা হয়।
২৭ ঘণ্টাৰ সময় গণনাৰ অন্তত জি এছ এল ভি-এফ ১৭ ৰকেটৰ সহায়ত ২,৩৬৭ কিলোগ্রাম ভৰসহ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ দ্বিতীয়টো উৎক্ষেপনস্থলীৰ পৰা পুৱতি নিশা ২ বাজি ৫৫ মিনিটত উৎক্ষেপন কৰা হয়।
এই উপগ্ৰহটোৱে বাস্তৱ সময়ৰ চিত্ৰ প্ৰেৰণ কৰিব বুলি উল্লেখ কৰি ইছৰোই জানিবলৈ দিয়া মতে এই ব্যৱস্থাই কৃষি, দুর্যোগ ব্যৱস্থাপনা আদি ক্ষেত্ৰত দেশক সহায় কৰিব। ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে কয় যে এই উৎক্ষেপনে ভাৰতৰ পৃথিৱী নিৰীক্ষণৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে এই ক্ষেত্ৰত উন্নত সেৱা প্ৰদান কৰিব।