October 23, 2026 12:45 PM | Jyoti Chitraban

printer

জ্যোতি চিত্ৰবনত কাইলৈৰ পৰা দুদিনীয়াকৈ দশম ৰাষ্ট্ৰীয় চলচ্চিত্রম চুটি ছবি মহোৎসৱ

গুৱাহাটীৰ জ্যোতি চিত্ৰবন চলচ্চিত্ৰ চৌহদত কাইলৈৰ পৰা দুদিনীয়াকৈ দশম ৰাষ্ট্ৰীয় চলচ্চিত্রম চুটি ছবি মহোৎসৱ অনুষ্ঠিত হ’ব। বিশ্ব সংবাদ কেন্দ্রই সহযোগী সংস্থা চলচ্চিত্ৰমৰ উদ্যোগত আয়োজিত এই মহোৎসৱত প্ৰতিযোগিতামূলক আৰু প্রদর্শনী শাখাত মুঠ ৪৫ খন চুটি ছবি প্ৰদৰ্শন কৰা হ’ব। কাইলৈ পুৱা ১১ বজাত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক চলচ্চিত্ৰ পৰিচালক ডাঃ শান্তনা বৰদলৈয়ে ‘আমাৰ ঐতিহ্য, আমাৰ গৌৰৱ’ শীৰ্ষক বিষয়বস্তুৰে আয়োজিত এই মহোৎসৱৰ উদ্বোধন কৰিব। মহোৎসৱত ভাৰতৰ সভ্যতা-সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতিফলন ঘটা ছবিসমূহে বিশেষ স্থান লাভ কৰিব বুলি চলচ্চিত্ৰমৰ সভাপতি নৱ ঠাকুৰীয়া আৰু সম্পাদক ভগৱৎ প্ৰীতমে জানিবলৈ দিছে। উল্লেখযোগ্য যে মুঠ ৮ টা শাখাত বিজয়ী ছবিসমূহক ট্ৰফী, প্ৰমাণপত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব। পৰহিলৈ হ’বলগীয়া সামৰণি অনুষ্ঠানত ৰাজ্যৰ কেবিনেট মন্ত্রী নিলীমা দেৱীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। এই অনুষ্ঠানতে ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি ববিতা শৰ্মাৰ পৰিচালনাত নিৰ্মিত ‘ভূপেনদা আনকাট’ নামৰ চলচ্চিত্ৰখন প্ৰদৰ্শন কৰা হ’ব।