ৰাজ্যত প্ৰাপ্তবয়স্ক কয়দীৰ বাবে থকা কাৰাগাৰসমূহত কোনো শিশু বা কিশোৰক বন্দী কৰি ৰখা হৈছে নেকি সেই কথা নিশ্চিত কৰাৰ বাবে প্ৰতিখন জিলাৰ কিশোৰ ন্যায় পৰিষদক কাৰাগাৰসমূহ পৰিদৰ্শন কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে। কিশোৰ ন্যায় পৰিষদসমূহে অহা ৩১ অক্টোবৰৰ ভিতৰত এই পৰিদৰ্শন সম্পূৰ্ণ কৰিব লাগিব আৰু কয়দীসকলৰ ভিতৰত কোনো শিশুক চিনাক্ত কৰিলে তেনে শিশুক কিশোৰ ন্যায় আইন, ২০১৫ৰ ব্যৱস্থা মতে উপযুক্ত আশ্ৰয়গৃহলৈ প্ৰেৰণ কৰিব লাগিব। প্রাপ্তবয়স্কৰ বাবে থকা কাৰাগাৰসমূহত শিশু আৰু কিশোৰকো ৰখাৰ প্ৰসংগ আৰু সংশ্লিষ্ট জিলাৰ কিশোৰ ন্যায় পৰিষদসমূহে কৰিবলগীয়া কাৰাগাৰ পৰিদৰ্শনৰ প্ৰয়োজনীয়তাক বিষয় হিচাপে লৈ নন্দিনী দাস নামৰ এগৰাকী সমাজকৰ্মীয়ে দাখিল কৰা ৰাজহুৱা স্বার্থজড়িত আবেদন নিষ্পত্তি কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জুথাংখুমা আৰু ন্যায়াধীশ ৰাজেশ মজুমদাৰৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিছে।
Assamese | October 23, 2026 1:31 PM | High Court
প্ৰতিখন জিলাৰ কিশোৰ ন্যায় পৰিষদক কাৰাগাৰসমূহ পৰিদৰ্শন কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ