August 19, 2026 10:53 AM

views 6

কোনো ৰাজ্যই হাতীৰ পৰম্পৰাগত অহা-যোৱা পথ বন্ধ কৰিব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

কৃষি নষ্ট বা যিকোনো সংঘাতৰ অজুহাতত কোনো ৰাজ্যই হাতীৰ পৰম্পৰাগত অহা-যোৱা পথ বা হস্তীদণ্ডি বন্ধ কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্ত বিচাৰপীঠে ৰাজ্যসমূহলৈ এই নিৰ্দেশ জাৰি কৰে। লগতে হাতীক ভয় খুৱাবলৈ অগ্নি শিখা বা যাঠি আদি ব্যৱহাৰ কৰিব নোৱাৰিব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে। ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাক লৈ গঠিত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে হস্তীদণ্ডিত থকা বাধা আতৰোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰক ৰাষ্ট্ৰজোৰা এটা জৰীপ চলাবলৈও নির্দেশ দিয়ে। হাতীয়ে বহু ৰাজ্য পৰিভ...

January 6, 2026 12:05 PM

views 39

EPFO ক অহা চাৰি মাহৰ ভিতৰত EPFS ৰ অধীনত দৰমহাৰ সীমা সংশোধন সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু কৰ্মচাৰী ভৱিষ্য নিধি সংস্থা EPFOক অহা চাৰি মাহৰ ভিতৰত কৰ্মচাৰী ভৱিষ্য নিধি যোজনা EPFSৰ অধীনত দৰমহাৰ সীমা সংশোধন সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰিবলৈ নিৰ্দেশ দিছে। বিগত ১১ বছৰ ধৰি কৰ্মচাৰীসকলৰ বেতন অপৰিৱৰ্তিত হৈ আছে। ন্যায়াধীশ জে কে মাহেশ্বৰী আৰু অতুল এছ ছন্দুৰকাৰক লৈ গঠিত এখন বিচাৰপীঠে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি এই নির্দেশ জাৰি কৰে। উল্লেখযোগ্য যে, দৰমহাৰ সৰ্বোচ্চ সীমাৰ কোনো পৰিৱৰ্তন নকৰাৰ ফলত শ্ৰমিকসকলৰ এটা বৃহৎ বর্গ EPFOৰ বাহিৰত থাকি গৈছে। স...

December 29, 2025 8:21 PM

views 37

আৰাৱলী পৰ্বতমালা সন্দর্ভত উচ্চতম ন্যায়ালয়ৰ নতুন সমিতি গঠনৰ বাবে লোৱা সিদ্ধান্তক আদৰণি ভূপেন্দৰ যাদৱৰ

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দৰ যাদৱে আৰাৱলী পৰ্বতমালা সন্দর্ভত উচ্চতম ন্যায়ালয়ে বিষয়সমূহ অধ্যয়নৰ বাবে নতুন সমিতি গঠনৰ বাবে লোৱা সিদ্ধান্তক আদৰণি জনাইছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীযাদৱে কয় যে আৰাভালি পৰ্বতমালাৰ সুৰক্ষা আৰু পুনৰুদ্ধাৰৰ বাবে তেওঁৰ মন্ত্ৰালয়ৰ পৰা বিচৰা সকলো সাহায্য প্রদান কৰিবলৈ চৰকাৰ প্রতিশ্রুতিবদ্ধ। মন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়ালৈকে নতুন খনন লিজত দিয়াৰ লগতে বৰ্তমানৰ লীজ নবীকৰণৰ বাবেও খননৰ ওপৰত সম্পূর্ণ নিষেধাজ্ঞা বলবৎ হৈ আছে।

November 27, 2025 8:02 PM

views 53

বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে আৰোপ কৰা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ গোচৰ খাৰিজ

গুৱাহাটী উচ্চ ন্যায়ালয়ে বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে আৰোপ কৰা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ গোচৰ খাৰিজ কৰিছে। উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে আজি পুৱা এই সন্দৰ্ভত ৰায়দান কৰি বিধায়কগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ গোচৰ খাৰিজ কৰে। উল্লেখযোগ্য যে, পেহেলগামত সন্ত্রাসবাদীৰ আক্ৰমণৰ ঘটনাক লৈ দেশ বিৰোধী মন্তব্য আগবঢ়োৱাৰ অভিযোগত বিধায়কগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

November 7, 2025 11:16 AM

views 61

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে কৌশিক গোস্বামীৰ শপতগ্ৰহণ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে আজি ন্যায়াধীশ কৌশিক গোস্বামীয়ে শপতগ্ৰহণ কৰে। উচ্চ ন্যায়ালয়ৰ এক নম্বৰ বিচাৰপীঠত আয়োজিত এক অনুষ্ঠানত মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে শ্ৰী গোস্বামীক অতিৰিক্ত ন্যায়াধীশ হিচাপে শপতবাক্য পাঠ কৰোৱায়। আজিৰ এই শপতগ্ৰহণ অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকল, গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এছ’চিয়েনৰ সভাপতি কমল নয়ন চৌধুৰীকে প্ৰমুখ্যে কৰি অনান্য অধিৱক্তাসকল উপস্থিত থাকে।

October 23, 2025 11:31 AM

views 76

নুনমাটি- আমবাৰী উৰণ সেতুৰ নক্সা সলনি আৰু সম্প্ৰসাৰণ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্য চৰকাৰক উত্তৰ দিয়াৰ জাননী জাৰি

নুনমাটিৰ পৰা আমবাৰীলৈ জি এন বি ৰোডত নিৰ্মাণ কৰি থকা উৰণ সেতুখন পূৰ্বৰ নক্সা সলনি কৰি দীঘলী পুখুৰী পর্যন্ত সম্প্ৰসাৰণ কৰিবলৈ লোৱা সিদ্ধান্ত সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে। এই উৰণ সেতু নিৰ্মাণৰ বাবে শতিকা পুৰণি গছ কটাৰ বিৰোধিতা কৰি প্ৰকৃতিপ্রেমী আৰু সাংবাদিকে দাখিল কৰা ৰাজহুৱা আবেদনৰ ভিত্তিত ন্যায়ালয়ে কালি ৰাজ্য চৰকাৰলৈ এই জাননী জাৰি কৰে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্রহণ কৰি অহা ২৮ নৱেম্বৰ ...

September 8, 2025 11:45 AM

views 47

বিহাৰত ভোটাৰ তালিকা সন্দৰ্ভত নির্বাচন আয়োগৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আজি এলানি আবেদনৰ শুনানী গ্রহণ

 উচ্চতম ন্যায়ালয়ে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনকলৈ নির্বাচন আয়োগৰ ২৪ জুনৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আজি এলানি আবেদনৰ শুনানী গ্রহণ কৰিব। ন্যায়াধীশ সূর্যকান্ত আৰু জয়মাল্য বাগচিৰ বিচাৰপীঠে ৰাষ্ট্ৰীয় জনতা দল, এ আই এম আই এমকে ধৰি অন্যান্য সকলৰ আবেদনৰ শুনানী গ্ৰহণ কৰিব। নির্বাচন আয়োগে কৈছে যে ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ সময়ত ৭ কোটি ২৪ লাখ ভোটদাতাৰ ৯৯ দশমিক ৫ শতাংশই তেওঁলোকৰ যাৱতীয় তথ্যপাতি দাখিল কৰিছে। উচ্চতম ন্যায়ালয়ে নিৰ্বাচনৰ আয়োগৰ তালিকাৰ পৰা আঁতৰাই দিয়া ভোটদাতাসকলক তেওঁলোকৰ দা...

July 30, 2025 8:23 PM

views 44

অঞ্জনমণি কলিতা, ৰাজেশ মজুমদাৰ, প্ৰাঞ্জল দাস আৰু সঞ্জীৱ কুমাৰ শৰ্মাৰ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত গ্রহণ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অঞ্জনমণি কলিতা আৰু ৰাজেশ মজুমদাৰ, ন্যায়িক বিষয়া প্ৰাঞ্জল দাস আৰু সঞ্জীৱ কুমাৰ শৰ্মাই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত গ্রহণ কৰে। মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে উচ্চ ন্যায়ালয়ৰ নতুন ভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁলোকক শপত গ্ৰহণ কৰোৱায়। শপত গ্রহণ অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যয়ালয়ৰ ন্যায়াধীশসকল, ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱিজৎ শ‍ইকীয়া, আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিং, আৰু গুৱাহাটী উচ্চন্যায়ালয়ৰ উকীল সন্থাৰ ...

July 15, 2025 12:35 PM

views 52

সামাজিক মাধ্যমযোগে ঘৃণা বিয়পোৱা বক্তব্য নিয়ন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ নিৰ্দেশনা জাৰি উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে সামাজিক মাধ্যমযোগে ঘৃণা বিয়পোৱা বক্তব্য নিয়ন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰিছে। অৱশ্যে এই ক্ষেত্ৰত নাগৰিকৰ বাক্ স্বাধীনতা যাতে খর্ব নহয়, সেয়া নিশ্চিত কৰিবলৈও ন্যায়ালয়ে নির্দেশ দিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগৰত্না আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে এখন আবেদনৰ শুনানি গ্ৰহণ কৰি ঘৃণাসূচক বক্তব্য দিয়া লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি সাধাৰণ নাগৰিকে বাক্ স্বাধীনতাৰ মূল্য বুজি পোৱা উচিত বুলিও ন্যায়াধীশ দ...

May 27, 2025 8:33 PM

views 44

বীৰ চাৱাৰকাৰৰ নাম প্ৰতীক আৰু নামৰ অনুচিত প্ৰয়োগ সন্দৰ্ভত কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আজি বীৰ চাৱাৰকাৰৰ নাম প্ৰতীক আৰু নামৰ অনুচিত প্ৰয়োগ প্ৰতিৰোধ আইনৰ সূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে অনুৰোধ জনাই দাখিল কৰা এখন আবেদন খাৰিজ কৰে। বিৰোধী নেতা ৰাহুল গান্ধীৰ মন্তব্যই চাৱাৰকাৰক অপমান কৰা বুলি উল্লেখ কৰি আবেদনকাৰীগৰাকীয়ে গান্ধীৰ মন্তব্যই স্বাধীনতা সংগ্রামীসকলক অসম্মান কৰাৰ লগতে নতুন প্ৰজন্মৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে বুলি দাবী কৰিছিল। গান্ধীৰ মন্তব্যই মৌলিক কৰ্তব্য উলংঘা কৰাৰ লগতে দেশৰ ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যক আঘাত হনা বুলিও আবেদনকাৰীয়ে দাবী কৰিছিল। ভাৰতৰ ম...