September 3, 2026 8:19 PM | High Court

printer

কাইলৈৰ পৰা নতুন দিল্লীত ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশ মঞ্চৰ আয়োজন উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে কাইলৈৰ পৰা নতুন দিল্লীত ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশ মঞ্চৰ আয়োজন কৰিছে। এই মঞ্চত ব্ৰীকচৰ সদস্য ৰাষ্ট্ৰ আৰু অংশীদাৰ দেশসমূহৰ মুখ্য ন্যায়াধীশ, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু জ্যেষ্ঠ ন্যায়িক নেতাসকল উপকৃত হ’ব। এই মঞ্চই অংশগ্ৰহণকাৰী ন্যায়পালিকাসকলৰ মাজত আলোচনাৰ বাবে আৰু ন্যায় প্ৰদান, আন্তঃৰাষ্ট্ৰীয় বিবাদ নিস্পত্তি, প্ৰযুক্তি আৰু বহনক্ষম উন্নয়নৰ সৈতে জড়িত সমসাময়িক বিষয়সমূহৰ ওপৰত মত বিনিময়ৰ বাবে এখন মঞ্চ প্ৰদান কৰিব। দেশৰ মুখ্য ন্যায়াধীশ সূর্যকান্তে কাইলৈ প্ৰতিনিধি দলৰ মুৰববীসকলৰ সৈতে এলানি দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। তেওঁ ৰাচিয়া, চীন, ইজিপ্ত, ইন্দোনেচিয়া, সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ, বেলাৰুচ, কাজাখস্তান, দক্ষিণ আফ্রিকা, ইৰাণ আৰু উজবেকিস্তানৰ ন্যায়িক প্ৰতিনিধিসকলক সাক্ষাৎ কৰিব। এই দ্বিপাক্ষিক বৈঠকে পাৰস্পৰিক ন্যায়িক স্বাৰ্থৰ বিষয়সমূহৰ ওপৰত প্ৰত্যক্ষ আদান প্ৰদান আৰু মত বিনিময়ৰ সুযোগ প্ৰদান কৰিব আৰু অংশগ্ৰহণকাৰী ন্যায়পালিকাসমূহৰ মাজত সম্বন্ধ আৰু অধিক শক্তিশালী কৰিব।