কৃষি নষ্ট বা যিকোনো সংঘাতৰ অজুহাতত কোনো ৰাজ্যই হাতীৰ পৰম্পৰাগত অহা-যোৱা পথ বা হস্তীদণ্ডি বন্ধ কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্ত বিচাৰপীঠে ৰাজ্যসমূহলৈ এই নিৰ্দেশ জাৰি কৰে। লগতে হাতীক ভয় খুৱাবলৈ অগ্নি শিখা বা যাঠি আদি ব্যৱহাৰ কৰিব নোৱাৰিব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে। ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাক লৈ গঠিত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে হস্তীদণ্ডিত থকা বাধা আতৰোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰক ৰাষ্ট্ৰজোৰা এটা জৰীপ চলাবলৈও নির্দেশ দিয়ে। হাতীয়ে বহু ৰাজ্য পৰিভ্ৰমণ কৰে বাবে কোনো ৰাজ্যই তেওঁলোকৰ পথৰ হেঙাৰ হ’ব নোৱাৰিব আৰু চাল-চলনৰ পৰম্পৰাগত পথ বন্ধ কৰিব নোৱাৰিব বুলিও ৰায়টোত মুখ্য ন্যায়াধীশ সূর্যকান্তই মন্তব্য কৰে।
Assamese | August 19, 2026 10:53 AM | High Court
কোনো ৰাজ্যই হাতীৰ পৰম্পৰাগত অহা-যোৱা পথ বন্ধ কৰিব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ