September 9, 2026 10:52 AM | High Court

printer

বিদ্যালয় আৰু মহাবিদ্যালয়ত অৰ্হতাহীন শিক্ষকৰ নিযুক্তি-চাকৰি প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ

উচ্চতম ন্যায়ালয়ে অপ্রাদেশিকীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কর্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণৰ বাবে অৱলম্বন কৰা ব্যৱস্থা আৰু বলৱৎ কৰা আইনৰ অধীনত বিদ্যালয় আৰু মহাবিদ্যালয়ত শিক্ষকৰ নিযুক্তি তথা চাকৰি প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত অন্তবর্তী স্থগিতাদেশ জাৰি কৰিছে। ন্যায়ালয়ে লগতে শিক্ষাৰ অধিকাৰ, ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ আৰু বিশ্ববিদ্যালয় অনুদান আয়োগ আইনৰ অধীনত বিধিগতভাৱে নিৰ্ধাৰিত অহতা নথকা শিক্ষকক বিদ্যালয় বা মহাবিদ্যালয়ত নিযুক্তি নিদিবলৈ আৰু তেনে শিক্ষকৰ চাকৰি প্ৰাদেশিকীকৰণ নকৰিবলৈ নিৰ্দেশ দিছে। অর্হতাহীন শিক্ষকক নিযুক্তি দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ২০১৭ চনত প্ৰস্তুত কৰা আইনক প্ৰত্যাহ্বান জনাই দাখিল কৰা জনস্বার্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূর্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ ভি মোহনাক লৈ গঠিত এখন বিচাৰপীঠে কালি এই ৰায় দিয়ে। শুনানিকালত বিচাৰপীঠে বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে আৰু অৰ্হতাহীন শিক্ষকৰ নিযুক্তি বন্ধ ৰখাৰ বাবে অন্তর্বর্তীকালীন নির্দেশ দিয়ে। বিচাৰপীঠখনে কয়, যে সংসদে প্ৰণয়ন কৰা আইন অনুসৰি থাকিবলগীয়া অহতা নথকাকৈ যদি শিক্ষক নিযুক্তি দিয়া হয়, তেন্তে ভৱিষ্যৎ প্রজন্ম গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব।