ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ যুৱক-যুৱতীসকলক কাৰিকৰী শিক্ষাৰে দক্ষ কৰি আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্যৰে সশস্ত্র সীমাবল চমুকৈ এছ এছ বিৰ ২৪ নম্বৰ বাহিনীৰ উদ্যোগত আয়োজিত বিনামূলীয়া ইলেক্ট্ৰচিয়ান প্রশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। নাগৰিক কল্যাণ কাৰ্যসূচীৰ অধীনত বাহিনীটোৰ কমাণ্ডেণ্ট এইচ কে গুপ্তাৰ নিৰ্দেশনাত আয়োজিত এই প্ৰশিক্ষণত অঞ্চলটোৰ ২০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। তামুলপুৰ পাৰ্কত অনুষ্ঠিত এই প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত বৈদ্যুতিক সঁজুলি স্থাপন, বৈদ্যুতিক তাঁৰ সংযোগ আৰু মেৰামতিৰ বিভিন্ন কাৰিকৰী দিশৰ প্ৰশিক্ষণ লাভ কৰা প্ৰশিক্ষাৰ্থীসকলৰ মাজত প্ৰমাণপত্ৰ বিতৰণ কৰা হয়। অনুষ্ঠানত কমাণ্ডেণ্টগৰাকীয়ে সীমান্ত সুৰক্ষাৰ দায়িত্ব পালনৰ সমান্তৰালভাৱে সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজৰ কল্যাণ, দক্ষতা বিকাশ আৰু আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰতো এছ এছ বিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি উল্লেখ কৰে।
Assamese | October 23, 2026 12:43 PM | chalachitram
এছ এছ বিৰ ২৪ নম্বৰ বাহিনীৰ উদ্যোগত আয়োজিত বিনামূলীয়া ইলেক্ট্ৰচিয়ান প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি