ৱিকছ ৰাষ্ট্ৰসমূহৰ বৌদ্ধিক সম্পদ (আই পি) কাৰ্যালয়ৰ মুৰব্বীসকলৰ ১৮ সংখ্যক বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হয়। এই বৈঠকত ব্ৰিকছত ভাৰতৰ অধ্যক্ষতা, স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতাৰ বিষয়ে আলোচনা কৰা হয়। বৌদ্ধিক সম্পদৰ কাঠামোসমূহে কেনেদৰে প্ৰযুক্তিগত স্থিতিস্থাপকতা আৰু বহনক্ষম অর্থনৈতিক বৃদ্ধিৰ পোষকতা কৰে সেই সন্দৰ্ভত আলোকপাত কৰা হয়। আই পি ব্ৰিকছৰ কাৰ্যালয়ৰ মুৰব্বীসকলে প্রকল্পসমূহৰ ফলপ্রসূ ৰূপায়ণ আৰু আই পি ব্রিকছ গোটত সহযোগিতাৰ ধাৰাবাহিকতা নিশ্চিত কৰিবলৈ সমন্বয় ব্যৱস্থা আৰু সময়ে সময়ে অগ্ৰগতিৰ পৰ্যালোচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গোলকীয় উদ্ভাৱন, সৃষ্টিশীলতা আৰু অৰ্থনৈতিক উন্নয়নৰ এক গুৰুত্বপূৰ্ণ চালক হিচাপে বৌদ্ধিক সম্পত্তিৰ ক্ষেত্ৰত বহুপক্ষীয় সহযোগিতা বৃদ্ধিৰ বাবেও এই মুৰব্বীসকল প্রতিশ্রুতিবদ্ধ হয়।
Assamese | September 3, 2026 12:25 PM | Brics Meeting
ৱিকছ ৰাষ্ট্ৰসমূহৰ বৌদ্ধিক সম্পদ (আই পি) কাৰ্যালয়ৰ মুৰব্বীসকলৰ ১৮ সংখ্যক বৈঠকৰ সামৰণি