September 3, 2026 12:14 PM | Nitin Gadkari Meet

printer

দেশত বর্ধিত পথ দুর্ঘটনা সন্দর্ভত কেন্দ্ৰীয় মন্ত্রী নীতিন গাডকাৰীৰ উদ্বেগ প্রকাশ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে দেশত বর্ধিত পথ দুর্ঘটনা সন্দর্ভত উদ্বেগ প্রকাশ কৰি ভাৰতৰ বাবে পথ সুৰক্ষা গুৰুত্বপূর্ণ বিষয় হৈ পৰিছে বুলি মত প্রকাশ কৰে। নতুন দিল্লীত কালি উন্নত ঘাইপথ অভিৱর্তন ২০২৬ত দিয়া ভাষণত শ্রীগাডকাৰীয়ে কয়, যে প্ৰতিবছৰে ১ লাখ ৮০ হাজাৰ লোক পথ দুর্ঘটনাত প্রাণ হেৰুৱায়। মন্ত্ৰীগৰাকীয়ে পথ দুর্ঘটনা আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ সংখ্যা হ্রাস কৰিবলৈ ব্যাপক জন সজাগতা আৰু বাহন চলোৱাৰ ক্ষেত্ৰত দায়িত্বসম্পন্ন আচৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে বাহন চলোৱাৰ কৌশল আৰু সুৰক্ষিতভাবে পথত যান-বাহন চলোৱাৰ নীতিসমূহ আয়ত্ব কৰাৰ বাবে দেশৰ ঠায়ে ঠায়ে উৎসর্গিত গাড়ীচালক প্রশিক্ষণ কেন্দ্র স্থাপনৰ প্ৰয়োজন হৈছে। তেওঁ চালকসকলৰ স্বাস্থ্য আৰু সুস্থতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, যে গাড়ীচালকগৰাকীৰ শাৰীৰিক আৰু মানসিক সুস্থতাই পথ সুৰক্ষাৰ ওপৰত প্ৰভাৱ পেলায়।

অনুষ্ঠানত দিয়া ভাষণত শ্রীগাডকাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰা পি এম ৰাহত আঁচনিৰ বিষয়ে উল্লেখ কৰে। এই আঁচনিৰ অধীনত দুর্ঘটনা সংঘটিত হোৱাৰ এসপ্তাহৰ ভিতৰত পথ দুৰ্ঘটনাৰ বলি হোৱা প্ৰতিগৰাকী যোগ্য ব্যক্তিয়ে ডেৰ লাখ টকালৈকে নগদবিহীন চিকিৎসা সেবা লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।