September 3, 2026 8:11 PM | Ukarine rassia

printer

ইউক্রেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত থকা সংঘাত অৱসানৰ বাবে প্রধানমন্ত্ৰীয়ে জনোৱা আহ্বানক ইউক্রেইনৰ স্বাগতম

ইউক্রেইনৰ বৈদেশিক মন্ত্ৰী আন্দ্ৰী চিবিহাই ভাৰতক গোলকীয় শক্তি বুলি অভিহিত কৰি আজি কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্রেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত থকা সংঘাত অৱসানৰ বাবে জনোৱা আহ্বানক দেশখনে স্বাগতম জনাইছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘাত অব্যাহত থকাৰ মাজতে দেশখনৰ কিভত উপস্থিত হোৱা ভাৰতৰ বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰক সাক্ষাৎ কৰি দ্বিপাক্ষিক আলোচনা কৰাৰ পাছত সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে কূটনীতিৰ জৰিয়তে এই সংঘাত অৱসানৰ বাবে দেশখন সাজু আছে ৰাছিয়াৰ আক্ৰমণত চলিত সপ্তাহত ইউক্রেইনৰ ৰাজধানী কিভত চলিত সপ্তাহত এগৰাকী ভাৰতীয় নাগৰিকৰ মৃত্যু হোৱাৰ পাছত ড° জয়শংকৰ দেশখনলৈ গৈছে। ড° জয়শংকৰৰ এই ভ্রমণক তেওঁ আদৰণি জনাইছে। তেওঁ কয় যে গোলকীয় খাদ্য সুৰক্ষা আৰু ব্লেক চিত স্বাধীনভাৱে জাহাজ চলাচল কৰোৱাৰ আৱশ্যকতাৰ ওপৰত দুয়োপক্ষই আলোচনা কৰে। বিগত কেইবা সপ্তাহত ব্লেক চি অঞ্চলত ব্যৱসায়িক জাহাজৰ ওপৰত ধাৰাবাহিকভাৱে আক্রমণ চলোৱাৰ ঘটনাক লৈ চিন্তা প্ৰকাশ কৰিছে। আন্দ্ৰী চিবিহাই লগতে কয় যে দুয়োপক্ষই দ্বিপাক্ষিক সম্বন্ধ বিশেষকৈ আন্তঃগাথনি, ফার্মাছিটিকেল খণ্ড, প্রযুক্তিগত উদ্ভাৱন আৰু ডিজিটেলাইজেছন আদি বিষয়ত আলোচনা কৰিব ।