September 3, 2026 8:15 PM | pishsh gowel

printer

ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগ খণ্ডক প্ৰশংসা পিযুষ গোৱেলৰ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিযুষ গোৱেলে আজি চলিত বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্রিমাষিকত ৭ দশমিক ৮ শতাংশ মুঠ ঘৰুৱা উৎপাদনৰ সাফল্য অৰ্জনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগ খণ্ডক প্ৰশংসা কৰিছে। নতুন দিল্লীত মুক্ত বাণিজ্য চুক্তিৰ সন্দৰ্ভত এখন ৰাষ্ট্ৰীয় কৰ্মশালাত অধ্যক্ষতা কৰি শ্রীগোৱেলে বিভিন্ন দেশৰ সৈতে স্বাক্ষৰ কৰা এই মুক্ত বাণিজ্য চুক্তিৰ ফলত ভাৰতক বৃহৎ ৰপ্তানীকাৰী দেশ হিচাপে গঢ় দি তুলিব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে সমগ্ৰ বিশ্বতে দেশৰ বাণিজ্য বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই মুক্ত বাণিজ্য চুক্তিয়ে বিশেষ সহায় কৰিব। তেওঁ কয় যে ভাৰতে কানাডা, মেক্সিকো, চিলি, মাৰ্কোচুৰ, আফ্ৰিকাৰ দক্ষিণ আফ্রিকাকে ধৰি দক্ষিণ অঞ্চলৰ ৫ খন দেশৰ সংঘ, ইজৰাইল আৰু মধ্য প্ৰাচ্যৰ ছখন দেশৰ সৈতে এই চুক্তি সম্পাদন কৰে। তেওঁ কয়, যে ইয়াৰ ফলত ভাৰতৰ বিশ্ব বাণিজ্য ৭৫ শতাংশ বৃদ্ধি পাব।