ভাৰত আৰু বেলজিয়ামে আজি বাণিজ্য, বিনিয়োগ আৰু অৰ্থনৈতিক সহযোগিতা সূদৃঢ় কৰাৰ দায়বদ্ধতাক দোহাৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বেলজিয়ামৰ প্ৰধানমন্ত্ৰী বাৰ্ট ডে ৱেভাৰে দেশ দুখনৰ মাজত বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি হোৱাৰ বিষয়টোক আদৰণি জনাইছে। দেশ দুখনে সমাগত ৫ বছৰত দুয়োখন দেশৰ মাজৰ ব্যৱসায় দুগুণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁলোকে লগতে সন্ত্ৰাসবাদৰ মুখামুখি হোৱাৰ বাবে উমৈহতীয়া আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সমৰ্থনৰ বাবে তেওঁলোকৰ দায়বদ্ধতা দোহাৰিছে। কোনো ধৰণৰ সন্ত্ৰাসবাদ আৰু ইয়াৰ লগত জড়িত কার্যকলাপ কেতিয়াও সহ্য কৰা নহ’ব বুলি দৃঢ়তা প্ৰকাশ কৰি আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে। দুয়োগৰাকী নেতাৰ মাজত আলোচনা হোৱাৰ পাছত এই সন্দৰ্ভত জাৰি কৰা এটা যুটীয়া বিবৃতিত এইবুলি প্ৰকাশ কৰা হৈছে যে সীমান্তৰ সীপাৰৰ সন্ত্ৰাসবাদকে ধৰি বেলজিয়ামে সন্ত্রাসবাদ বিৰোধী যুজত ভাৰতক সমৰ্থন কৰি যাব বুলি প্ৰকাশ কৰিছে। বেলজিয়ামৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত বৰ্ষৰ এপ্ৰিলত জম্মু আৰু কাশ্মীৰৰ পেহেলগামত নিৰ্দোষী অসামৰিক লোকৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলোৱা আক্রমণক গৰিহণা দিছে। দুয়োগৰাকী নেতাই সন্মতি প্ৰকাশ কৰে যে আন্তৰাষ্ট্ৰীয় সম্প্রদায়ে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ ১২৬৭ প্রতিবন্ধ অনুযায়ী ঘোষণা কৰা সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদৰ লগত জড়িত গোটসমূহ, সন্ত্রাসবাদী নেটৱৰ্ক, সন্ত্ৰাসবাদীৰ পুঁজি যোগান তথা সুৰক্ষিত অৱস্থানৰ বিৰুদ্ধে একত্ৰিত হোৱা উচিত। তেওঁলোকে লগতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ তথা প্ৰতিৰোধৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সূদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এইক্ষেত্ৰত আঞ্চলিক ৰাষ্ট্ৰীয় -আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা পৰিকাথামো গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়ে। বৰ্তমান বৃদ্ধি পোৱা সন্ত্ৰাসবাদীৰ ভাবুকিৰ মুখামুখি হোৱাৰ বাবে সন্ত্ৰাসবাদ প্ৰতিৰোধী ভাৰত -বেলজিয়াম যুটীয়া কাৰ্যকৰী গোট গঠন কৰাৰ পোষকতা কৰে।
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে লগতে ইউক্রেইন আৰু পশ্চিম এছিয়াৰ সংঘাতৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মত বিনিময় কৰে। আলোচনা আৰু কূটনীতিৰ জৰিয়তে ইউক্রেইনৰ যুদ্ধৰ অৱসানৰ বাবে এটা উমৈহতীয়া প্ৰয়াস চলোৱাৰ ক্ষেত্ৰত দুয়ো পক্ষই মত প্ৰকাশ কৰে। পশ্চিম এছিয়াৰ বৰ্তমানৰ পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰি দুয়োপক্ষই শান্তিপূর্ণভাৱে আলোচনা আৰু কূটনৈতিক প্ৰয়াস চলোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অঞ্চলটোৰ সামুদ্রিক পথৰে সুকলমে জাহাজ চলাচলৰ ক্ষেত্ৰত সুৰক্ষা সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুয়োগৰাকী নেতাই প্রথম বিশ্বযুদ্ধত ৯ হাজাৰৰো অধিক ভাৰতীয় জোৱানে ফ্লেন্দাৰ্ছ ফিল্ডত সর্বোচ্চ বলিদান দিয়াৰ কথা স্মৰণ কৰে। ১৯৪৭ চনত প্ৰথম ইউৰোপীয় দেশ হিচাপে বেলজিয়ামে ভাৰতৰ সৈতে কুটনৈতিক সম্বন্ধ স্থাপন কৰিছিল। যুটীয়া বিবৃতিত এইবুলি প্ৰকাশ কৰা হৈছে যে ভাৰত আৰু বেলজিয়ামৰ কূটনৈতিক সম্বন্ধ ২০২৭ চনত ৮০ বছৰ সম্পূৰ্ণ কৰিব। ভাৰত আৰু ইউৰোপীয় সংঘৰ কৌশলগত অংশীদাৰিত্বৰ ক্ষেত্ৰত ভাৰত আৰু বেলজিয়ামৰ সম্বন্ধই এটা বিশেষ তাৎপর্য বহন কৰিছে। তেওঁলোকে চলিত বৰ্ষৰ ২৭ জানুৱাৰীত ভাৰত ইউৰোপীয় সংঘৰ সন্মিলনৰ সময়ত ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তি সম্পন্ন হোৱাৰ বাবে শুভেচ্ছা জনায়। বেলজিয়াম হৈছে বিশ্বৰ ২৪ সংখ্যক বৃহৎ অর্থনীতিৰ দেশ আৰু ভাৰতে অনাগত বৰ্ষসমূহত ১০ ট্রিলিয়ন ডলাৰৰ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ লক্ষ্য স্থিৰ কৰিছে। দুয়োগৰাকী নেতাই অর্ধপৰিবাহী, ৰসায়ন, ফার্মাছিটিকেল, প্ৰতিৰক্ষা উদ্যোগৰ সহযোগিতা, বহনক্ষম উদ্যোগ, সেউজ শক্তি আদিকে ধৰি পাৰস্পৰিক অংশীদাৰিত্বৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনাৰ বিষয়সমূহক লৈ আলোচনা কৰে। দুয়োখন দেশৰ মাজত সামগ্ৰিক আৰু বন্দৰৰ কৌশলগত গুৰুত্বৰ কথা উল্লেখ কৰি নৌ বন্দৰ বিকাশ, সামগ্ৰী পৰিবহন, যোগাযোগ আদিৰ সন্দৰ্ভত আলোচনা কৰে। প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত দেশ দুখনৰ প্ৰতিৰক্ষা মন্ত্ৰী দুগৰাকীৰ মাজত সম্পাদিত চুক্তিক তেওঁলোকে শুভেচ্ছা জনায়। দুয়োগৰাকী নেতাই লগতে দেশ দুখনৰ মাজত পুনৰ নৱীকৰণযুক্ত শক্তিৰ সহযোগিতাৰ বুজাবুজিৰ চুক্তি সম্পাদনৰ বিষয়টো সন্তুষ্টি প্ৰকাশ কৰে ।