আঞ্চলিক সংবাদ

June 29, 2026 12:19 PM

views 25

অৰুণাচল প্ৰদেশত হোৱা প্ৰবল বৰষুণ-ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল, ধেমাজিৰ ভালেসংখ্যক গাঁও বানৰ কবলত

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে। বিশেষকৈ ধেমাজি জিলাত কালি দুপৰীয়াৰে পৰা অৰুণাচলৰ পাহাৰীয়া নৈৰে বৈ অহা পানীৰ ঢলে বহু অঞ্চল বুৰাই পেলায়। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নি পানীয়ে বাহিৰ জোনাই, লুহিজান, লোহিতপুৰ দেউৰী, ...

June 29, 2026 12:13 PM

views 25

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদৰ পুনৰ নিৰ্মাণকাৰ্য-ভূমি জৰীপৰ কাম-কাজ পর্যালোচনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদ পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণকাৰ্য আৰু ভূমি জৰীপৰ কাম-কাজ পর্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৪ হাজাৰ কোটি টকাতকৈ অধিক ধন বিনিয়োগেৰে প্ৰস্তাৱিত ৭ মহলাযুক্ত ...

June 29, 2026 11:56 AM

views 18

অসম চৰকাৰৰ গ্ৰন্থবৰ্ষ কাৰ্যক্ৰমণিকাৰ আধাৰত ২০২৫ বৰ্ষত ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা গ্ৰন্থমেলাৰ উদ্যোক্তাসকলক চেক প্ৰদান

অসম চৰকাৰৰ গ্ৰন্থবৰ্ষ কাৰ্যক্ৰমণিকাৰ আধাৰত ২০২৫ বৰ্ষত ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা গ্ৰন্থমেলাৰ উদ্যোক্তাসকলক কালি ৫ লাখ আৰু ২ লাখ ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয়। গুৱাহাটীৰ বামুণীমৈদামস্থিত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ...

June 28, 2026 9:02 PM

views 15

গোৱালপাৰা জিলাৰ কুমৰী বিলখনক পর্যটনস্থলীলৈ ৰূপান্তৰিত  কৰা হব বুলি বিধায়ক পবিত্ৰ ৰাভাৰ প্ৰকাশ

গোৱালপাৰা জিলাৰ কুমৰী বিল নামনি অসমৰ ভিতৰতে এখন বৃহৎ জলাশয়। পশ্চিম গোৱালপাৰাৰ বিধায়ক পবিত্ৰ ৰাভাই আজি এই বিলখনত উপস্থিত হৈ মাছৰ পোনা এৰি দিয়াৰ লগতে প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বিলখনক পর্যটনস্থলীলৈ ৰূপান্তৰিত কৰাৰ বাবে চেষ্টা চলোৱা হ'ব বুলি প্রকাশ কৰে। উল্লেখযোগ্য যে প্রায় ২৭৪ হেক্টৰ এলেকা আগুৰি থকা এ...

June 28, 2026 8:53 PM

views 20

ইউৰোপৰ বহুকেইখন দেশত গ্রীষ্মপ্রবাহৰ ফলত সহস্রাধিক লোকৰ মৃত্যু

বিগত কেইবাদিনো ইউৰোপৰ বহুকেইখন দেশত গ্রীষ্মপ্রবাহৰ ফলত সহস্রাধিক লোকৰ মৃত্যু হৈছে। মহাদেশখনৰ ফ্রান্স, জার্মানী আৰু চেক গণৰাজ্যৰ তাপমাত্রা যোৱা সপ্তাহত অভিলেখ সংখ্যকভাবে বৃদ্ধি পাইছে। ফ্রান্সৰ স্বাস্থ্য বিভাগে প্রকাশ কৰা অনুসৰি বুধবাৰৰ পৰা দেশখনত অত্যধিক গৰমৰ বাবে প্রায় সহস্রাধিক লোকৰ মৃত্যু হৈছে। মৃ...

June 28, 2026 8:50 PM

views 11

মেঘালয়ৰ শিপাৰে প্ৰস্তুত কৰা দলঙক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি দিবলৈ আবেদন কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

আকাশবাণীৰ মন কি বাত অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মেঘালয়ৰ শিপাৰে প্ৰস্তুত কৰা দলঙৰ বিষয়ে উল্লেখ কৰি কয় যে এনে একোখন দলং নিৰ্মাণৰ বাবে কেইবাদশকৰ প্ৰয়োজন। ৰবৰ গছৰ শিপাসমূহ বছৰ বছৰ ধৰি নিৰ্দিষ্ট আকৃতিলৈ আনি এনে দলঙৰ প্ৰস্তুত কৰা হয়।  প্রধানমন্ত্রী মোদীয়ে কয় যে এই দলংসমূহ জীবিত আৰু সময়ৰ লগে লগ...

June 28, 2026 8:08 PM

views 16

বজালী জিলা ইতিহাস সংকলন সমিতি গঠন

বজালী জিলাৰ পাঠশালাত আজি ভাৰতীয় ইতিহাসৰ গৌৰৱ সংৰক্ষণৰ লক্ষ্যৰে বজালী জিলা ইতিহাস সংকলন সমিতি গঠন কৰা হয়। পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ডিজিটেল প্রেক্ষাগৃহত অনুষ্ঠিত এখন সভাত অখিল ভাৰতীয় ইতিহাস সংকলন সমিতিৰ জিলা পৰ্যায়ৰ সমিতিখন গঠন কৰা হয়। সভাত অংশগ্ৰহণ কৰি অসম ৰাজ্যিক সমিতিৰ সভাপতি অধ্যাপক ড০ গজেন...

June 28, 2026 8:02 PM

views 7

অসম চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ চূড়ান্ত পর্যায়ত আছে বুলি ৰাজহ আৰু দুর্যোগ প্রশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ

অসম চৰকাৰৰ নিষ্পত্তি নোহোৱাকৈ থকা বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ বিবেচনালৈ অনাৰ অন্তত সম্প্রতি চূড়ান্ত পর্যায়ত আছে বুলি ৰাজহ আৰু দুর্যোগ প্রশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। কলিয়াবৰত আজি সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এই কথা জানিবলৈ দিয়ে। শেহতীয়াকৈ তেওঁ নতুন দিল্লীত দুর্যোগ...

June 28, 2026 7:53 PM

views 8

চি আই ডিয়ে জল সম্পদ বিভাগৰ চাকৰিৰ নামত প্রবঞ্চনা কৰা এটা চক্রক উৎখাত কৰে

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে জল সম্পদ বিভাগৰ চাকৰিৰ নামত প্রবঞ্চনা কৰা এটা চক্রক উৎখাত কৰিবলৈ সক্ষম হৈছে। ভুৱা নিযুক্তিৰ এটা ঘটনাত অপৰাধ অনুসন্ধান বিভাগে শেহতীয়াকৈ নলবাৰীৰ গুণমণি বৈশ্য নামৰ লোক এজনক গ্ৰেপ্তাৰ কৰে।  ইয়াকে লৈ জল সম্পদ বিভাগৰ ভুৱা নিযুক্তিৰ গোচৰত এতিয়ালৈকে মুঠতে ৭ জন লোকক গ্ৰেপ্ত...

June 28, 2026 7:47 PM

views 13

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় পলিঅ’ প্রতিষেধক দিৱস পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় পলিঅ' প্রতিষেধক দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ সাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত আজি ৰাষ্ট্ৰীয় প্রতিষেধক দিৱসৰ কাৰ্যসূচী স্থানীয় বিধায়ক ড০ তপন দাসে শুভাৰম্ভ কৰে। কামৰূপ মহানগৰ জিলাত ৫ বছৰ বয়সলৈকে ১,৯৯,৫৯১ টি শিশুক সামৰি লোৱা হৈছে। এই প্রতি...