ইউৰোপৰ বহুকেইখন দেশত গ্রীষ্মপ্রবাহৰ ফলত সহস্রাধিক লোকৰ মৃত্যু

বিগত কেইবাদিনো ইউৰোপৰ বহুকেইখন দেশত গ্রীষ্মপ্রবাহৰ ফলত সহস্রাধিক লোকৰ মৃত্যু হৈছে। মহাদেশখনৰ ফ্রান্স, জার্মানী আৰু চেক গণৰাজ্যৰ তাপমাত্রা যোৱা সপ্তাহত অভিলেখ সংখ্যকভাবে বৃদ্ধি পাইছে। ফ্রান্সৰ স্বাস্থ্য বিভাগে প্রকাশ কৰা অনুসৰি বুধবাৰৰ পৰা দেশখনত অত্যধিক গৰমৰ বাবে প্রায় সহস্রাধিক লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকৰ অধিকাংশই জ্যেষ্ঠ নাগৰিক।

অত্যধিক গ্ৰীষ্মপ্ৰবাহৰ বাবে পেৰিচতো প্রশাসনে জনসাধাৰণলৈ কেতবোৰ সুৰক্ষা সম্বন্ধীয় জাননী জাৰি কৰিছে। জার্মানী আৰু চেক গণৰাজ্যৰ তাপমাত্রা ৪২ ডিগ্রী পর্যন্ত বৃদ্ধি হৈছে। জার্মানীত কালি সর্বকালৰ অভিলেখ ভংগ কৰি তাপমাত্রা ৪১.৫ ডিগ্রী চেলছিয়াচ স্পর্শ কৰে। চেক গণৰাজ্যতো প্রায় ৪১ ডিগ্রী পর্যন্ত তামপাত্রা বৃদ্ধি পাইছে।