অসম চৰকাৰৰ গ্ৰন্থবৰ্ষ কাৰ্যক্ৰমণিকাৰ আধাৰত ২০২৫ বৰ্ষত ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা গ্ৰন্থমেলাৰ উদ্যোক্তাসকলক কালি ৫ লাখ আৰু ২ লাখ ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয়। গুৱাহাটীৰ বামুণীমৈদামস্থিত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে মুঠ ৫০ লাখ টকাৰ চেক বিতৰণ কৰে।
অনুষ্ঠানত জিলা পৰ্যায়ত আয়োজিত মৰিগাঁও, বজালী, ডিব্ৰুগড়, গোৱালপাৰা, বৰপেটা, গোলাঘাট, শিৱসাগৰ আৰু তামুলপুৰ গ্ৰন্থমেলাৰ উদ্যোক্তাক ৫ লাখ টকাকৈ প্ৰদান কৰা হয়।
ইপিনে, সমজিলা পৰ্যায়ত আয়োজিত লক্ষীপুৰ, দুলীয়াজান, দেৰগাঁও আৰু ডিমৌৰ চনাপুৰ সাহিত্য আৰু গ্ৰন্থমেলাৰ উদ্যোক্তাক ২ লাখ ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হয়। শিক্ষামন্ত্ৰীগৰাকীয়ে গ্রন্থবৰ্ষ ২০২৫ সফল হোৱা বুলি মন্তব্য কৰি কয় যে এই গ্ৰন্থমেলাসমূহে ৰাজ্যৰ অধ্যয়ন সংস্কৃতিক নতুন মাত্ৰা প্ৰদান কৰিছে। অনাগত দিনতো চৰকাৰৰ এনে প্ৰচেষ্টা অব্যাহত থাকিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।