June 29, 2026 11:56 AM

views 26

অসম চৰকাৰৰ গ্ৰন্থবৰ্ষ কাৰ্যক্ৰমণিকাৰ আধাৰত ২০২৫ বৰ্ষত ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা গ্ৰন্থমেলাৰ উদ্যোক্তাসকলক চেক প্ৰদান

অসম চৰকাৰৰ গ্ৰন্থবৰ্ষ কাৰ্যক্ৰমণিকাৰ আধাৰত ২০২৫ বৰ্ষত ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা গ্ৰন্থমেলাৰ উদ্যোক্তাসকলক কালি ৫ লাখ আৰু ২ লাখ ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয়। গুৱাহাটীৰ বামুণীমৈদামস্থিত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে মুঠ ৫০ লাখ টকাৰ চেক বিতৰণ কৰে। অনুষ্ঠানত জিলা পৰ্যায়ত আয়োজিত মৰিগাঁও, বজালী, ডিব্ৰুগড়, গোৱালপাৰা, বৰপেটা, গোলাঘাট, শিৱসাগৰ আৰু তামুলপুৰ গ্ৰন্থমেলাৰ উদ্যোক্তাক ৫ লাখ টকাকৈ প্ৰদান কৰা হয়...