June 29, 2026 12:13 PM | cm __gmch

printer

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদৰ পুনৰ নিৰ্মাণকাৰ্য-ভূমি জৰীপৰ কাম-কাজ পর্যালোচনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদ পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণকাৰ্য আৰু ভূমি জৰীপৰ কাম-কাজ পর্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৪ হাজাৰ কোটি টকাতকৈ অধিক ধন বিনিয়োগেৰে প্ৰস্তাৱিত ৭ মহলাযুক্ত অত্যাধুনিক চিকিৎসালয়খনে ৰাজ্যৰ স্বাস্থ্য সেৱা খণ্ডক নতুন মাত্ৰা প্ৰদান কৰিব।

 চিকিৎসালয়খনত প্ৰায় ৫ হাজাৰ ৰোগীক একে সময়তে সেৱা আগবঢ়াব পৰা যাব। এই পদক্ষেপে উন্নত চিকিৎসা শিক্ষা, গৱেষণা, অত্যাধুনিক চিকিৎসা সুবিধা, তথা ৰোগীৰ বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্য সেৱা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ড° শৰ্মাই উল্লেখ কৰে।

মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছত প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰি নির্মীয়মান ৫০০ খন বিচনাযুক্ত চিকিৎসালয় ভৱনৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে চিকিৎসালয় কর্তৃপক্ষ, স্বাস্থ্য বিভাগ আৰু নিৰ্মাণকাৰী সংস্থাৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়।

ড০ শৰ্মাই সংশ্লিষ্ট পক্ষক গুণগত মান, স্বচ্ছতা আৰু নিৰ্ধাৰিত সময়সীমা কঠোৰভাৱে মানি নির্মাণকার্য সম্পূর্ণ কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে জনসাধাৰণক সহজলভ্য, সুলভ আৰু বিশ্বমানৰ চিকিৎসা সেৱা নিশ্চিত কৰিব পৰা শক্তিশালী স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।