বজালী জিলাৰ পাঠশালাত আজি ভাৰতীয় ইতিহাসৰ গৌৰৱ সংৰক্ষণৰ লক্ষ্যৰে বজালী জিলা ইতিহাস সংকলন সমিতি গঠন কৰা হয়। পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ডিজিটেল প্রেক্ষাগৃহত অনুষ্ঠিত এখন সভাত অখিল ভাৰতীয় ইতিহাস সংকলন সমিতিৰ জিলা পৰ্যায়ৰ সমিতিখন গঠন কৰা হয়।
সভাত অংশগ্ৰহণ কৰি অসম ৰাজ্যিক সমিতিৰ সভাপতি অধ্যাপক ড০ গজেন্দ্ৰ অধিকাৰীয়ে কয় যে ভাৰতীয় ইতিহাস বিশ্বৰ অন্যতম প্রাচীন আৰু সমৃদ্ধ ইতিহাস। ঔপনিবেশিক যুগত একাংশ ব্রিটিছ ইতিহাসবিদে বিকৃতভাৱে উপস্থাপন কৰা ভাৰতীয় ইতিহাসৰ পৰিৱৰ্তে তথ্যভিত্তিক প্রকৃত ইতিহাস সমাজৰ আগত দাঙি ধৰাই ইতিহাস সংকলন সমিতিৰ মূল লক্ষ্য।