June 28, 2026 8:08 PM

views 26

বজালী জিলা ইতিহাস সংকলন সমিতি গঠন

বজালী জিলাৰ পাঠশালাত আজি ভাৰতীয় ইতিহাসৰ গৌৰৱ সংৰক্ষণৰ লক্ষ্যৰে বজালী জিলা ইতিহাস সংকলন সমিতি গঠন কৰা হয়। পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ডিজিটেল প্রেক্ষাগৃহত অনুষ্ঠিত এখন সভাত অখিল ভাৰতীয় ইতিহাস সংকলন সমিতিৰ জিলা পৰ্যায়ৰ সমিতিখন গঠন কৰা হয়। সভাত অংশগ্ৰহণ কৰি অসম ৰাজ্যিক সমিতিৰ সভাপতি অধ্যাপক ড০ গজেন্দ্ৰ অধিকাৰীয়ে কয় যে ভাৰতীয় ইতিহাস বিশ্বৰ অন্যতম প্রাচীন আৰু সমৃদ্ধ ইতিহাস। ঔপনিবেশিক যুগত একাংশ ব্রিটিছ ইতিহাসবিদে বিকৃতভাৱে উপস্থাপন কৰা ভাৰতীয় ইতিহাসৰ পৰিৱৰ্তে তথ্যভিত্তিক প্রকৃত ইতিহাস সমাজৰ আগত দ...

January 6, 2026 7:04 AM

views 45

প্ৰচণ্ড শীতৰ বাবে বিদ্যালয়সমূহৰ সময়সীমা পৰিৱৰ্তনৰ বাবে অসম হাইস্কুল শিক্ষক সংস্থাৰ বজালী জিলা আয়ুক্তলৈ আবেদন পত্ৰ

● ৰাজ্যত অব্যাহত থকা প্ৰচণ্ড শীতৰ বাবে শিক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ বিদ্যালয়সমূহৰ সময়সীমা পৰিৱৰ্তন কৰাৰ বাবে অসম হাইস্কুল শিক্ষক সংস্থাই আজি বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাসলৈ এখন আবেদন পত্ৰ প্ৰদান কৰে। শিক্ষক সংস্থাৰ বজালী জিলা সমিতিৰ হৈ সমিতিৰ সভাপতি কনক চন্দ্ৰ দাস আৰু সম্পাদক চাণক্য দাসে আবেদনখনত অতিপাত শীতৰ বাবে যোৱা কিছুদিন ধৰি শিক্ষাৰ্থীৰ উপস্থিতি হ্ৰাস হোৱা আৰু উপস্থিত থকা শিক্ষাৰ্থীসকলকো শ্ৰেণীকোঠাত ৰাখিব পৰা অনুকূল পৰিবেশ নোহোৱাৰ কথা উল্লেখ কৰে। কেইবাখনো শিক্ষানুষ্ঠানত জুইৰ উম দি শ...