প্ৰচণ্ড শীতৰ বাবে বিদ্যালয়সমূহৰ সময়সীমা পৰিৱৰ্তনৰ বাবে অসম হাইস্কুল শিক্ষক সংস্থাৰ বজালী জিলা আয়ুক্তলৈ আবেদন পত্ৰ

● ৰাজ্যত অব্যাহত থকা প্ৰচণ্ড শীতৰ বাবে শিক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ বিদ্যালয়সমূহৰ সময়সীমা পৰিৱৰ্তন কৰাৰ বাবে অসম হাইস্কুল শিক্ষক সংস্থাই আজি বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাসলৈ এখন আবেদন পত্ৰ প্ৰদান কৰে। শিক্ষক সংস্থাৰ বজালী জিলা সমিতিৰ হৈ সমিতিৰ সভাপতি কনক চন্দ্ৰ দাস আৰু সম্পাদক চাণক্য দাসে আবেদনখনত অতিপাত শীতৰ বাবে যোৱা কিছুদিন ধৰি শিক্ষাৰ্থীৰ উপস্থিতি হ্ৰাস হোৱা আৰু উপস্থিত থকা শিক্ষাৰ্থীসকলকো শ্ৰেণীকোঠাত ৰাখিব পৰা অনুকূল পৰিবেশ নোহোৱাৰ কথা উল্লেখ কৰে। কেইবাখনো শিক্ষানুষ্ঠানত জুইৰ উম দি শিক্ষাৰ্থীসকলক চৌপাশে বহুৱাই লৈ পাঠদান কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কথাও আবেদনখনত উল্লেখ কৰা হয়। বিদ্যালয়সমূহৰ প্ৰায়ভাগ শিক্ষার্থীয়ে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা বাবে বেছিভাগৰে ছুৱেটাৰ-জোতা আদি নোহোৱা বুলিলিখিত আবেদনখনত উল্লেখ কৰা হয়।