অসম চৰকাৰৰ নিষ্পত্তি নোহোৱাকৈ থকা বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ বিবেচনালৈ অনাৰ অন্তত সম্প্রতি চূড়ান্ত পর্যায়ত আছে বুলি ৰাজহ আৰু দুর্যোগ প্রশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। কলিয়াবৰত আজি সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এই কথা জানিবলৈ দিয়ে।
শেহতীয়াকৈ তেওঁ নতুন দিল্লীত দুর্যোগ প্রশমন বিভাগৰ কৰ্তৃপক্ষৰ সৈতে এই সন্দর্ভত আলোচনা কৰে। উত্তৰ পূৰ্বাঞ্চলৰ দুৰ্যোগৰ অনুপাতে কেন্দ্ৰীয় চৰকাৰে পুঁজি যোগান ধৰিলে ৰাজ্যখন উপকৃত হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে কয়।