আঞ্চলিক সংবাদ

June 28, 2026 7:39 PM

views 15

অৰুণাচল প্ৰদেশত নেৰানেপেৰা বৰষুণৰ ফলত জোনাই, চিমেন চাপৰি, ডিমৌ আদি অঞ্চলত বাঢ়নী পানীৰ ভয়ংকৰ ৰূপ

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত বিগত কেইবাদিনো ধৰি হৈ থকা বৰষুণৰ ফলত জিলাখনৰ নদ-নদীসমূহৰ পানী বিপজ্জনকভাৱে বৃদ্ধি পোৱাত জোনাই, চিমেন চাপৰি, ডিমৌ আদি অঞ্চলত বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। চিমেন নদীৰ বিধবংসী বানে  নৈখনৰ ওপৰত থকা ৰে'ল দলঙৰ এটা অংশ খহাই নিয়াত দলঙখনেৰে ৰেল যাতায়ত ব্য...

June 28, 2026 7:31 PM

views 10

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ GMCHৰ পুনৰ নিৰ্মাণকার্য আৰু ভূমি জৰীপৰ কাম-কাজ পর্যালোচনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদ পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণকাৰ্য আৰু ভূমি জৰীপৰ কাম-কাজ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৪ হাজাৰ কোটি টকাতকৈ অধিক ধন বিনিয়োগেৰে প্ৰস্তাৱিত ৭ মহলাযুক্ত অত্যাধ...

June 28, 2026 7:15 PM

views 20

নগাওঁ জিলাৰ বৰকছাৰী গাঁৱৰ পথাৰত ভুঁই ৰোৱাৰ কাৰ্যসূচীত কৃষিমন্ত্রী পিযুষ হাজৰিকাৰ অংশগ্ৰহণ

কৃষিমন্ত্রী পিযুষ হাজৰিকাই আজি নগাওঁ জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কণ্ডলী পঞ্চায়তৰ বৰকছাৰী গাঁৱৰ পথাৰত ভুঁই ৰোৱাৰ লগতে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নগাওঁ জিলা কৃষি বিভাগৰ উদ্যোগত বিজ্ঞানসন্মতভাবে নাৰিকল পুলি ৰোপণ, শালিধানৰ কঠিয়া ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী হাজৰিকাই কয়, যে তেওঁ নিজে আগত...

June 28, 2026 12:32 PM

views 7

ৰাজ্য চৰকাৰে ৰাজ্যৰ চাহ খেতিয়কসকলৰ বাবে গুৰুত্বপূর্ণ পদক্ষেপ লৈছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্ৰকাশ

ৰাজ্য চৰকাৰে ৰাজ্যৰ চাহ খেতিয়কসকলৰ বাবে গুৰুত্বপূর্ণ পদক্ষেপ লৈছে। এই অনুসৰি এতিয়াৰে পৰা চাহ বাগিচা শ্ৰেণীৰ ভূমিও কৃষক পঞ্জীয়ন পৰ্টেলত অন্তর্ভুক্ত কৰা হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয়, যে ইয়াৰ ফলত ৰাজ্যৰ ক্ষুদ্র চাহ খেতিয়কসকলে সহজে চৰকাৰী সেৱা আৰু স...

June 28, 2026 12:19 PM

views 8

মালয়েছিয়াত অনুষ্ঠিত পঞ্চম যোগাসন ক্রীড়া এছিয়া কাপ ২০২৬ত যোগ প্রতিযোগিতাত জগদীশ ভৰালীৰ চাৰিটা শাখাত সোণৰ পদক অর্জন

মালয়েছিয়াত কালি সামৰণি পৰা পঞ্চম যোগাসন ক্রীড়া এছিয়া কাপ ২০২৬ত যোগ প্রতিযোগিতাত ভাৰতক প্রতিনিধিত্ব কৰা ডিব্ৰুগড়ৰ জগদীশ ভৰালীয়ে চাৰিটা শাখাত সোণৰ পদক অর্জন কৰিছে। তেওঁ লগতে যোগাসনৰ এটা বিশেষ শাখাত দ্বিতীয় স্থান লাভ কৰি মুঠ ৫টা পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ডিব্ৰুগড় জিলাৰ মানকটাৰ হাতীমূৰা নিবাসী শ্...

June 28, 2026 12:11 PM

views 13

সমাজৰ অন্তিমগৰাকী লোকৰ কল্যাণ নিশ্চিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে কাম কৰি আহিছে বুলি কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ প্রকাশ

কেন্দ্ৰীয় চৰকাৰে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদয় দর্শনেৰে সমাজত অন্তিমজন লোকৰ কল্যাণ নিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰি আহিছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল তথা জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে প্রকাশ কৰিছে। বিজেপিৰ লাহোৱাল মণ্ডলৰ উদ্যোগত দুদিনীয়াকৈ আয়োজিত পণ্ডিত দীনদয়াল উপাধ্যায় প্রশিক্ষণ মহা অভিযা...

June 28, 2026 12:06 PM

views 13

অৱসৰপ্ৰাপ্ত উপ-মহাপৰিদৰ্শক পি কে দত্তৰ ৫৩ কোটি ২৮ লাখ টকাৰ অস্থাৱৰ সম্পত্তি ই ডিয়ে জব্দ কৰিছে

বিধি বলবৎকাৰী সঞ্চালকালয়ে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ-মহাপৰিদৰ্শক পি কে দত্তৰ ৫৩ কোটি ২৮ লাখ টকাৰ অস্থাৱৰ সম্পত্তি জব্দ কৰিছে। অসম চৰকাৰৰ তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই দত্তৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ ভিত্তিত সঞ্চালকালয়ে তেওঁৰ বিত্তীয় লেনদেনৰ দিশটো তদন্তৰ আওতালৈ আনিছিল। ১৯৯২ চনৰ পৰা ২০১৯ চনলৈ অসম আৰক...

June 28, 2026 11:59 AM

views 10

তিনিচুকীয়া আৰক্ষীৰ দুজন আলফা সদস্যক গ্ৰেপ্তাৰ

তিনিচুকীয়া আৰক্ষীয়ে জিলাখনত কুটাঘাতৰ পৰিকল্পনা কৰা দুজন আলফা সদস্যক কালি গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে কালি দুপৰীয়া ম্যানমাৰৰ পৰা অৰুণাচল হৈ অসমত প্ৰৱেশ কৰা আলফা স্বাধীনৰ স্বয়ম্ভু ছেকেণ্ড লেফটেনেন্ট চিঞৰ অসম ওৰফে হোমেনজ্যোতি বৰুৱা আৰু মনোজ অসম ওৰফে পাপু মৰাণক আৰক্ষীয়ে জাগুনত বুজন পৰিম...

June 28, 2026 11:00 AM

views 15

অসম লোকসেৱা আয়োগত ডিজি লকাৰ ব্যৱস্থা সংযোজিত হ’ব

অসম লোকসেৱা আয়োগ- এ পি এছ চিত ডিজি লকাৰ ব্যৱস্থা সংযোজিত হ'ব। প্ৰমাণপত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া সম্পূর্ণ ডিজিটেল, স্বচ্ছ আৰু অধিক নিৰ্ভৰযোগ্য কৰি তোলাৰ বাবে ডিজি লকাৰৰ জৰিয়তে এ পি এছ চিৰ প্ৰাৰ্থীৰ তথ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।  মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কালি এই কথা সদৰি কৰে। তেওঁ কয়, যে ডিজি লক...

June 28, 2026 10:38 AM

views 20

ৰাজ্যত গ্রীষ্ম বন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পর্যায়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ বদলিকৰণৰ প্ৰক্ৰিয়া সম্পন্ন হ’ব

ৰাজ্যত গ্রীষ্ম বন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পর্যায়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ বদলিকৰণৰ প্ৰক্ৰিয়া সম্পন্ন হ'ব। ইয়াৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ HRMS প'ৰ্টেলত বদলিকৰণৰ বাবে শিক্ষক শিক্ষয়িত্রীসকলে দাখিল কৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া পহিলা জুলাইত আৰম্ভ হ'ব। এই প্রক্রিয়া সম্পন্ন কৰাৰ বাবে বিদ্যালয় শিক...