সমাজৰ অন্তিমগৰাকী লোকৰ কল্যাণ নিশ্চিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে কাম কৰি আহিছে বুলি কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ প্রকাশ

কেন্দ্ৰীয় চৰকাৰে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদয় দর্শনেৰে সমাজত অন্তিমজন লোকৰ কল্যাণ নিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰি আহিছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল তথা জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে প্রকাশ কৰিছে। বিজেপিৰ লাহোৱাল মণ্ডলৰ উদ্যোগত দুদিনীয়াকৈ আয়োজিত পণ্ডিত দীনদয়াল উপাধ্যায় প্রশিক্ষণ মহা অভিযান ২০২৬ শীর্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কালি এইদৰে মন্তব্য কৰে।

তেওঁ কয়, যে দেশত যোৱা ১২ বছৰত উন্নয়ন, সু-শাসন, আত্মনিৰ্ভৰশীলতা আৰু বিশ্ব মঞ্চত ভাৰতৰ মৰ্যাদা বৃদ্ধিৰ ক্ষেত্ৰত নতুন ইতিহাস ৰচনা হৈছে। মন্ত্ৰীগৰাকী কয়, যে নৰেন্দ্ৰ মোদী চৰকাৰৰ শাসন কালত দেশত গৰীব কল্যাণ, মহিলা সৱলীকৰণ, যুৱ প্ৰজন্মৰ উন্নয়ন, কৃষকৰ সুৰক্ষা, বিনামূলীয়া স্বাস্থ্য সেবা, ডিজিটেল ভাৰত, ষ্টার্ট আপ আৰু ভাৰত অভিযানৰ দৰে ভালেমান ঐতিহাসিক পদক্ষেপ ৰূপায়ণ কৰা হৈছে।

কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপিৰ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰৰ সাফল্যৰ বিষয়ে উল্লেখ কৰি শ্ৰী সোণোৱালে কয়, যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নেতৃ অসমে সম্প্রতি উন্নয়নৰ নতুন যুগত প্ৰৱেশ কৰিছে। পথ, দলং, চিকিৎসা মহাবিদ্যালয়, শিক্ষা প্রতিষ্ঠান, বিনিয়োগ, উদ্যোগ, ক্রীড়া আৰু পৰ্যটনৰ ক্ষেত্ৰত ৰাজ্যজুৰি ব্যাপক পৰিবৰ্তন হোৱা বুলি তেও মন্তব্য কৰে।

শ্রী সোণোৱালে লগতে কয়, যে উত্তৰ-পূর্বাঞ্চলক দেশৰ বিকাশ যাত্ৰাৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাত কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয় যে, বিশেষকৈ ব্ৰহ্মপুত্ৰৰ জলপথ উন্নয়নৰ জৰিয়তে অসমৰ বাণিজ্যিক সম্ভাৱনাক অধিক শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গুৰুত্বসহকাৰে কাম কৰি আছে। চৰকাৰে আত্মসংস্থাপন, দক্ষতা বিকাশ আৰু নতুন উদ্যোগ সৃষ্টিৰ ক্ষেত্ৰতো চৰকাৰে গুৰুত্ব আৰোপ কৰি আহিছে বুলি মন্ত্রী সোণোৱালে মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।