June 28, 2026 12:11 PM

views 13

সমাজৰ অন্তিমগৰাকী লোকৰ কল্যাণ নিশ্চিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে কাম কৰি আহিছে বুলি কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ প্রকাশ

কেন্দ্ৰীয় চৰকাৰে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদয় দর্শনেৰে সমাজত অন্তিমজন লোকৰ কল্যাণ নিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰি আহিছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল তথা জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে প্রকাশ কৰিছে। বিজেপিৰ লাহোৱাল মণ্ডলৰ উদ্যোগত দুদিনীয়াকৈ আয়োজিত পণ্ডিত দীনদয়াল উপাধ্যায় প্রশিক্ষণ মহা অভিযান ২০২৬ শীর্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কালি এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে দেশত যোৱা ১২ বছৰত উন্নয়ন, সু-শাসন, আত্মনিৰ্ভৰশীলতা আৰু বিশ্ব মঞ্চত ভাৰতৰ মৰ্যাদা বৃদ্ধিৰ ক্ষেত্ৰত নতুন ইতিহাস ৰচ...