অসম লোকসেৱা আয়োগ- এ পি এছ চিত ডিজি লকাৰ ব্যৱস্থা সংযোজিত হ’ব। প্ৰমাণপত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া সম্পূর্ণ ডিজিটেল, স্বচ্ছ আৰু অধিক নিৰ্ভৰযোগ্য কৰি তোলাৰ বাবে ডিজি লকাৰৰ জৰিয়তে এ পি এছ চিৰ প্ৰাৰ্থীৰ তথ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কালি এই কথা সদৰি কৰে। তেওঁ কয়, যে ডিজি লকাৰৰ জৰিয়তে প্ৰাৰ্থীৰ তথ্য পৰীক্ষণ কৰাৰ ফলত প্রমাণ পত্র জালিয়াতি আৰু ভুৱা পৰিচয় পত্ৰ ব্যৱহাৰৰ আশংকা সম্পূৰ্ণ ৰূপে নোহোৱা হ’ব আৰু আইনী জটিলতাৰ সম্ভাৱনাও হ্রাস পাব।
এই পদক্ষেপক ৰাজ্যৰ মেধাৱী যুৱক-যুৱতীৰ বাবে ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰি ড০ শর্মাই কয়, যে এ পি এছ চিৰ সৈতে ডিজি লকাৰ ব্যৱস্থা সংযুক্ত হোৱাৰ ফলত সময় ৰাহি হ’ব আৰু ভুৱা প্ৰমাণপত্ৰৰ সম্ভাবনা প্রায় শূন্যলৈ নামি আহিব।
প্ৰযুক্তিৰ শক্তিৰে স্মার্ট শাসন ব্যৱস্থা আৰু পৰীক্ষাৰ্থীসকলৰ সুবিধা নিশ্চিত কৰাৰ দিশত অসমৰ এই যাত্রা অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।