September 7, 2026 1:56 PM

views 17

অসম লোকসেৱা আয়োগে ২০২৫ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা

অসম লোকসেৱা আয়োগে ২০২৫ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা কৰিছে। এই অনুসৰি অহা ৯, ১০ আৰু ১১ অক্টোবৰত গুৱাহাটীৰ বিভিন্ন কেন্দ্ৰত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলে অসম লোকসেৱা আয়োগৰ ৱেবছাইট www.aspc.nic.in-ৰ জৰিয়তে অহা ১৮ আৰু ১৯ ছেপ্তেম্বৰত প্ৰৱেশ পত্র ডাউনলোড কৰিব পাৰিব।

July 4, 2026 7:15 PM

views 23

কাইলৈ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব। পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষা কেন্দ্ৰ থকা জিলাসমূহত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা হ'বলগীয়া কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনুমতি নোহোৱাকৈ কোনো ব্যক্তিৰ প্ৰৱেশ বা অপ্রয়োজনীয় সমাৱেশ সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে। কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ বাহন চলাচল বা পার্কিং কৰিব নোৱাৰিব...

July 2, 2026 11:32 AM

views 34

অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ

অহা ৫ জুলাইত হ’বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। কামৰূপ জিলাৰ দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ১৬৩ নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষা পৰিচালনাৰ বাবে অনুমোদিত বিষয়াসকলৰ বাহিৰে আন লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। কোকৰাঝাৰ জিলাতো অনুৰূপ নিষেধাজ্ঞ...

June 30, 2026 7:05 PM

views 23

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ

অহা ৫ জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। এই পৰীক্ষা স্বচ্চ আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থীয়ে আয়োগৰ সকলো নীতি নীৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক...

June 28, 2026 11:00 AM

views 22

অসম লোকসেৱা আয়োগত ডিজি লকাৰ ব্যৱস্থা সংযোজিত হ’ব

অসম লোকসেৱা আয়োগ- এ পি এছ চিত ডিজি লকাৰ ব্যৱস্থা সংযোজিত হ'ব। প্ৰমাণপত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া সম্পূর্ণ ডিজিটেল, স্বচ্ছ আৰু অধিক নিৰ্ভৰযোগ্য কৰি তোলাৰ বাবে ডিজি লকাৰৰ জৰিয়তে এ পি এছ চিৰ প্ৰাৰ্থীৰ তথ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।  মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কালি এই কথা সদৰি কৰে। তেওঁ কয়, যে ডিজি লকাৰৰ জৰিয়তে প্ৰাৰ্থীৰ তথ্য পৰীক্ষণ কৰাৰ ফলত প্রমাণ পত্র জালিয়াতি আৰু ভুৱা পৰিচয় পত্ৰ ব্যৱহাৰৰ আশংকা সম্পূৰ্ণ ৰূপে নোহোৱা হ'ব আৰু আইনী জটিলতাৰ সম্ভাৱনাও হ্রাস পাব। এই পদক্ষেপক ৰাজ্যৰ মেধাৱী যুৱক-যুৱতীৰ ...

September 22, 2025 11:42 AM

views 98

অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্নকাকত অসমীয়াতো প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ অসম মন্ত্রীসভাৰ

অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্নকাকত এতিয়াৰ পৰা অসমীয়াতো প্ৰস্তুত কৰাৰ বাবে অসম মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্রীসভাই দুর্গা পূজা উপলক্ষে অসম চাহ নিগমৰ অধীনৰ চাহ বাগিছাৰ শ্ৰমিকসকলক ২০ শতাংশ বোনাচ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । তদুপৰি অসম মন্ত্রীসভাই ২৬০ কোটি টকাৰ ব্যয়ৰে সোণাপুৰত দশম অসম আৰক্ষী বেটেলিয়ন স্থাপনত অনুমোদন জনাইছে। গুৱাহাটীত নিৰ্মাণ হৈ থ...

May 29, 2025 7:13 PM

views 75

শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত ৮ জুনত হ’বলগীয়া সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায়ৰ পর্যালোচনা বৈঠক

অসম লোকসেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায়ে আজি শোণিতপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত অহা ৮ জুনত হ'বলগীয়া সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে। জিলা আয়ুক্ত অংকুৰ ভৰালী, আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, প্ৰমুখ্যে জ্যেষ্ঠ বিষয়াসকল উপস্থিতি আয়োজিত বৈঠকত পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়ক, দণ্ডাধীশ, পৰীক্ষা নিৰীক্ষক, আৰক্ষী বিভাগ, ডাক বিভাগ আৰু এ পি ডি চি এলৰ কৰ্মচাৰীসকলৰ ভূমিকা, দায়িত্ব আৰু সমন্বয় সন্দৰ্ভত বিশদ আলোচনা কৰা হয়। অধ্যক্ষ শ্রীউপাধ্যায়ে সকলো...

January 7, 2025 8:58 PM

views 86

দেৱৰাজ উপাধ্যায়ক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি

ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া দেৱৰাজ উপাধ্যায়ক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজ্যপালৰ অনুমোদন সাপেক্ষে আজি অসম চৰকাৰৰ কৰ্মচাৰী প্ৰশাসন বিভাগে এই সম্পৰ্কীয় অধিসূচনা জাৰি কৰিছে। উল্লেখযোগ্য যে ভাৰত ভূষণ দেৱ চৌধুৰীয়ে অৱসৰ গ্ৰহণ কৰাৰ পাছত লোকসেৱা আয়োগৰ অধ্যক্ষৰ পদটো খালী হৈ আছিল। ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত দুগৰাকী বিষয়া মৃগেশ নাৰায়ণ বৰুৱা আৰু ভাস্কৰ ফুকনে বৰ্তমান অসম লোকসেৱা আয়োগৰ সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।

November 30, 2024 8:12 PM

views 61

ঢেকীয়াজুলিত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰেৰণাদায়ক ভাষণ আৰু কেৰিয়াৰ পৰিকল্পনা সন্দৰ্ভত বিশেষ অনুষ্ঠান

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত আজি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰেৰণাদায়ক ভাষণ আৰু কেৰিয়াৰ পৰিকল্পনা সন্দৰ্ভত বিশেষ অনুষ্ঠান আয়োজিত হয়। এই অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰী উপস্থিত থাকে। অধ্যক্ষ শ্ৰী চৌধুৰীয়ে শিক্ষাৰ্থীসকলক চৰকাৰী সেৱাৰ সুযোগ আৰু পৰিশ্ৰমৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।

October 1, 2024 7:07 PM

views 57

অসম লোকসেৱা আয়োগৰ ১০ জন ৰাজপত্রিত বিষয়া বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ

অসম লোকসেৱা আয়োগত ধনৰ বিনিময়ত চাকৰি লোৱাৰ গোচৰৰ অভিযোগনামাত নতুনকৈ নাম সন্নিৱিষ্ট হোৱা ১০ জনকৈ ৰাজপত্রিত বিষয়া আজি বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ হয়। আদালতে সকলো দিশ পৰ্যৱেক্ষণৰ অন্তত আটাইকেইগৰাকীৰে জামিন মঞ্জুৰ কৰে। আনহাতে অভিযোগনামাত নাম থকা আন ৭ জন বিষয়াই পৰৱৰ্তী শুনানিত হাজিৰ হোৱাৰ বাবে আদালতত আবেদন দাখিল কৰে। ৮ অক্টোবৰত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে।